কাজিৰঙাত মুখ্যমন্ত্ৰীক লগত লৈ নিজেই জীপচী চলালে সদগুৰুৱে! ক’লে- আপোনালোকৰ মুখ্যমন্ত্ৰী মোৰ সৈতে সুৰক্ষিত

নিউজ ডেস্কঃ অসম চৰকাৰৰ চিন্তন শিৱিৰত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱা আধ্যাত্মিক গুৰু সদগুৰু জগী বসুদেৱৰ কাজিৰঙা ভ্ৰমণত সংগ দিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাজিৰঙাৰ মিহিমুখত একেখন জীপচী বাহনত উঠি ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে সদগুৰু আৰু মুখ্যমন্ত্ৰীয়ে।

photo1664024563
কাজিৰঙাত মুখ্যমন্ত্ৰীক লগত লৈ নিজেই জীপচী চলালে সদগুৰুৱে! ক’লে- আপোনালোকৰ মুখ্যমন্ত্ৰী মোৰ সৈতে সুৰক্ষিত 3

কাজিৰঙা পৰিদৰ্শনৰ সময়ত নিজেই গাড়ী চলোৱা দেখা যায় সদগুৰু গৰাকীক।

সেই সময়ত সাংবাদিকৰ সময়ত ধেমেলিয়া সুৰেৰে কয়- আপোনালোকৰ মুখ্যমন্ত্ৰী মোৰ সৈতে সুৰক্ষিত।

photo1664024564
কাজিৰঙাত মুখ্যমন্ত্ৰীক লগত লৈ নিজেই জীপচী চলালে সদগুৰুৱে! ক’লে- আপোনালোকৰ মুখ্যমন্ত্ৰী মোৰ সৈতে সুৰক্ষিত 4

উল্লেখ্য যে, আজিৰে পৰা কাজিৰঙাত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ তিনিদিনীয়া চিন্তন শিৱিৰ।

এই চিন্তন শিৱিৰৰ উদ্বোধন কৰিবলৈ অসমলৈ আহিছে আধ্যাত্মিক গুৰু জগী বাসুদেৱে।

সন্ধিয়াৰ ভাগত তেওঁ কাজিৰঙা পৰিদৰ্শন কৰি অভিভূত হৈ পৰে।

এটা খড়্গৰ বাবেই এটা গঁড়ক হত্যা কৰা উচিত নহয় বুলিও মন্তব্য কৰে সদগুৰুৱে।

আনহাতে খড়্গৰ ছাইৰে নিৰ্মাণ কৰা গঁড়ৰ প্ৰতিমূৰ্তি দেখিও অভিভূত হৈ পৰা বুলি মন্তব্য কৰে সদগুৰু গৰাকীয়ে।