অহা বৰ্ষৰ পৰা ৮টাৰ পৰিৱৰ্তে ১০টালৈ বৃদ্ধি পাব IPLত দলৰ সংখ্যা।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত অংশ ল’ব ২ টা নতুন দলে।
নতুন দল দুটাৰ অন্তৰ্ভুক্তিক লৈ ইতিমধ্যে বি চি চি আইয়ে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
নতুন দলৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰাৰম্ভিক মূল্য ৰখা হৈছে ২০০০ কোটি টকা।
বি চি চি আইয়ে নতুন ফ্ৰেঞ্চাইজিৰ বাবে বাছনি কৰিছে ছখন মহানগৰী।
ইয়াৰ ভিতৰত গুৱাহাটী মহানগৰীও স্থান লাভ কৰিছে।
ব’ৰ্ডে বাছনি কৰা মহানগৰ ছখন হৈছে- গুৱাহাটী, ৰাঁচী, কটক, আহমেদাবাদ, লক্ষ্ণৌ আৰু ধৰমশালা।
এই ছখন মহানগৰীৰ ভিতৰৰ পৰা দুখন মহানগৰীৰ পৰা নতুন ফ্ৰেঞ্চাইজি দুটা গঠন কৰা হ’ব।









