
নিউজ ডেস্কঃ শেহতীয়াকৈ স্বাধীন অসমৰ সপোন দেখি বিপ্লৱৰ পথ বাচি লৈছে ৰাজ্যৰ অনেক যুৱক-যুৱতীয়ে। যাৰ বাবে এতিয়া পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে আলফা স্বাধীন। আলফাৰ নতুন সদস্যভৰ্তি অভিযানে নিশ্চিতভাৱে প্ৰকাশ কৰিছে নিষিদ্ধঘোষিত সংগঠনটো পুনৰ এবাৰ সক্ৰিয় হোৱাৰ কথা।
এনে সময়তে আলফাৰ শেহতীয়া কাম কাজ আৰু যুৱক-যুৱতীৰ আলফা গমন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছাম পাব্লিক ৱৰ্কছে।

মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কঠোৰ ভাষাৰে সমালোচনা কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক। দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীক মিছা সপোন দেখুৱাই আলফালৈ নিয়া পৰেশ বৰুৱাই কিন্তু নিজে কেতিয়াও তেওঁৰ সন্তানক আলফা হ’বলৈ নিদিয়ে বুলি মন্তব্য কৰে অভিজিত শৰ্মাই।
অভিজিত শৰ্মাই কয় যে আজিকালি পৰেশ বৰুৱাই টিভিত নতুনকৈ সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে। যাৰ দ্বাৰা নতুন চাম আলফাত যোগদানৰ প্ৰতি উৎসাহিত হৈছে। নতুন প্ৰজন্মক সশস্ত্ৰ সংগ্ৰামৰ পথলৈ মাতি নিয়া পৰেশ বৰুৱাৰ কোনো সাক্ষাৎকাৰ যাতে সংবাদ মাধ্যমে ল’ব নোৱাৰে, তাৰ বাবে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হ’ব বুলিও মন্তব্য কৰে শৰ্মাই।
ইফালে, আলফাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ নমনীয় স্থিতিৰ পূৰ্ণ সুযোগ গ্রহণ কৰিছে মন্তব্য কৰে এপিডব্লিউৰ সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্রী বুধিয়ক যদিও পৰেশ বৰুৱাই তেওঁক ঠগিব। যি গতিত শেহতীয়াকৈ আলফা (স্বাঃ)ই কাম-কাজ আৰম্ভ কৰিছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে শান্তি আলোচনা হওক বা নহওক ভৱিষ্যতে অসম আকৌ এবাৰ ৰক্তাক্ত হ’ব।

অভিজিত শৰ্মাই কয় যে, ১৯৭৯ চনৰ পৰাই আলফাত যোগদান কৰা হেজাৰ হেজাৰ অসমীয়া যুৱকৰ মৃত্যু হোৱাৰ পাছতো আগ-গুৰি নাভাবি নতুনকৈ আকৌ একাংশ যুৱক-যুৱতীয়ে আলফাত যোগদান কৰিছে। এয়া পৰেশ বৰুৱাৰ বাবে আনন্দৰ বিষয় হ’লে চৰকাৰৰ বাবে চিন্তনীয়। আনহাতে যুৱ প্ৰজন্মৰ অৰণ্য গমনৰ বিষয়টোৰ ওপৰত চৰকাৰে কমকৈ গুৰুত্ব প্ৰদান কৰা বুলিও মন্তব্য কৰে শৰ্মাই।
ত্ওঁ কয় যে, যদি অসমত নব্বৈৰ দশকৰ দিনবোৰ পুনৰ ঘূৰি আহে, তেন্তে ইয়াৰ বাবে জগৰীয়া হ’ব অসম চৰকাৰ। আনহাতে ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে আলফাৰ সকিয়নীৰ পিছত ক্ষমা বিচৰা কাৰ্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিজিত শৰ্মাই কয় যে এয়া সাধাৰণ কথা নহয়, ইয়াৰ আঁৰত এটা জটিল সমীকৰণ জড়িত আছে।

সংবাদমেলত শৰ্মাই আলফাত নতুন লোকৰ যোগদানৰ আঁৰত সামাজিক মাধ্যমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকা বুলিও মন্তব্য কৰে। তেওঁ কয় যে, সামাজিক মাধ্যমক একাংশই আলফাৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে লোৱাৰ উপৰি আন একাংশই সামাজিক মাধ্যমত আলফাৰ অভাৰগ্ৰাউণ্ড এজেণ্ট হিচাপে কাম কৰিছে। ৰাজ্য চৰকাৰৰ গৃহবিভাগে এই কথাবোৰ নজৰত ৰখা ভাল।
ইফালে, আলফাৰ প্ৰতি আকৃষ্ট হৈ আলফাৰ শিবিৰলৈ গৈ নীতি-আদৰ্শৰ প্ৰকৃত স্বৰূপটো দেখি আলফা ত্যাগ কৰিব বিচাৰিলেই আলফাই তেওঁলোকক চৰম শাস্তি প্রদান কৰে বুলি মন্তব্য কৰি শর্মাই লগতে কয় যে ২০১২ চনৰ পৰা আজিলৈ প্রায় ২১জন অসমীয়া যুৱকক পৰেশ বৰুৱাৰ নিৰ্দেশত হত্যা কৰা হৈছে।
নিজৰ সন্তানক বিদেশী ৰাষ্ট্ৰত ৰাখি আনৰ বুকুৰ সন্তানক বিপ্লৱী হ’বলৈ উদ্বুদ্ধ কৰাসকলৰ দেশপ্ৰেমৰ নমুনা হাস্যকৰ, গৰিহণাযোগ্য আৰু ঘৃণনীয় বুলি মন্তব্য কৰে অভিজিত শৰ্মাই।

ইফালে, আলফাত নতুন নিযুক্তি চলি থকাৰ পাছত ৰাজ্যখনত যদি আকৌ হত্যা, হিংসা, সন্ত্ৰাসৰ আৰম্ভণি হয় তেনেহ’লে পুনৰ আফস্পা বলৱৎ হ’ব বুলি আশংকা ব্যক্ত কৰে অভিজিত শৰ্মাই।
তেওঁ লগতে কয় যে আলোচনাৰ মেজলৈ অহা অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ সৈতেও চৰকাৰে শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়া নাই। চৰকাৰৰ এনে কাৰ্যৰ বাবেও একাংশ লোক ক্ষুব্ধ হৈ পৰা বুলি মন্তব্য কৰে অভিজিত শৰ্মাই।