fbpx
অসমীয়াঅসম

হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোৰ এটা সম্পৰ্ক আছেঃ কি সম্পৰ্কৰ কথা ক’লে অখিল গগৈয়ে…

নিউজ ডেস্কঃ ‘হিমন্ত বিশ্ব শৰ্মাৰ মোৰ লগত এটা সম্পৰ্ক আছে। সেয়া হৈছে তেওঁ মোক আটাইতকৈ ডাঙৰ শত্ৰু বুলি ভাৱে।’ -বিভিন্ন বিষয়ত বিজেপি চৰকাৰৰ তীক্ষ্ণ সমালোচনা কৰি এই মন্তব্য কৰে অখিল গগৈয়ে।

সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰি অখিল গগৈয়ে কয় যে এজন ৰাজনৈতিক শত্ৰুৰ আন এজন শত্ৰুৰ সৈতে যিধৰণৰ সম্পৰ্ক থাকে, তেনে এক সম্পৰ্কই আছে হিমন্ত বিশ্ব শৰ্মাৰ লগতো। হিমন্ত বিশ্ব শৰ্মাই তেওঁক ডাঙৰ শত্ৰু বুলি ভাৱে বুলিও মন্তব্য কৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

ইফালে বটদ্ৰৱা কাণ্ডক লৈ পুনৰ এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপি-আৰএছএছ আৰু এআইইউডিএফৰ সমালোচনা কৰে অখিল গগৈয়ে। তেওঁ কয় যে বিজেপি আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।

বটদ্ৰৱাত বিজেপি-আৰএছএছ আৰু আইআইইউডিএফে পৃথকে পৃথকে ফচল খাব বিচাৰিছে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে ইয়াৰ ফলত ভাৰতৰবৰ্ষৰ সংবিধানখন উলাই হব, গনতন্ত্ৰিক ব্যৱস্থাটো ধ্বংস হ’ব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!