অসম

প্ৰসংগ- গ্ৰেচ মাৰ্কঃ পুনৰ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব শিক্ষা বিভাগ…

শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক শিক্ষক নিযুক্তি দিয়াৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়ে বিপদত পেলাইছে শিক্ষা বিভাগৰ লগতে টেট উত্তীৰ্ণ হৈ স্নাতক হিচাপে নিযুক্তি লাভ কৰা কেইবাহাজাৰ যুৱক-যুৱতী।

ৰাজ্যৰ শিক্ষা বিভাগে ২০২০ বৰ্ষত অনুষ্ঠিত হোৱা টেট পৰীক্ষাত ৰাজ্যৰ শিক্ষা বিভাগে ৪৬১৫ গৰাকীক ৫ নম্বৰকৈ গ্ৰেচ মাৰ্ক প্ৰদান কৰিছিল।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে টেট শিক্ষকক নিযুক্তি প্ৰদান কৰাৰ সময়ত ননগ্ৰেচ প্ৰাপ্ত বহু হাজাৰ টেট উত্তীৰ্ণই অগ্ৰাধিকাৰ পোৱা নাছিল। যাৰ বাবে তেওঁলোক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

ইয়াৰ পিছতে ন্যায়ালয়ে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ ন্যায়ালয়ে নিৰ্দেশনা দিছিল। কিন্তু শিক্ষা বিভাগত স্নাতক শিক্ষক নিযুক্তি জৰুৰী হৈ পৰাত শিক্ষা বিভাগে ন্যায়ালয়ত আৱেদন কৰাত ন্যায়ালয়ে ২০২১ চনত এক অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰি শিক্ষক নিযুক্তি প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।

সেই নিৰ্দেশনাত ন্যায়ালয়ে এই কথাও কৈছিল যে, যদিহে ৰায় ননগ্ৰেচ প্ৰাপ্তসকলৰ সপক্ষে যায় তেন্তে গ্ৰেচমাৰ্ক প্ৰাপ্তসকলে চাকৰি ত্যাগ কৰিব লাগিব। নিযুক্তিৰ সময়ত এই বিষয়ে টেট উত্তীৰ্ণ হোৱাসকলক অৱগত কৰিব লাগিব। কিন্তু শিক্ষা বিভাগে নিযুক্তিৰ সময়ছোৱাত সেই বিষয়ে টেট উত্তীৰ্ণসকলক এই বিষয়ে অৱগত কৰোৱা হোৱা নাছিল।

শেহতীয়াকৈ ন্যায়ালয়ত বিচাৰাধীন গোচৰ নন গ্ৰেচপ্ৰাপ্ত সকলৰ সপক্ষে গৈছে। ফলত ন্যায়ালয়ে শেহতীয়াকৈ নিযুক্তি প্ৰদান কৰা টেট শিক্ষকৰ ভিতৰত ২২২১ গৰাকী শিক্ষকৰ যোগদান পৰ্ব স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে। সমান্তৰালকৈ মেধাৰ তালিকাত উইথহেল্ডত থকা ১,৩৮১ গৰাকী গ্ৰেচ মাৰ্ক প্ৰাপ্ত প্ৰাৰ্থীৰো নাম তালিকাৰ পৰা কৰ্তন হোৱাৰ আশংকাই দেখা দিছে।

এনে পৰিস্থিতিত শিক্ষা বিভাগৰ লগতে নিযুক্তি পত্ৰ লাভ কৰা স্নাতক শিক্ষকসকল বিপদত পৰিছে।

এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে যে, আইনৰ গণ্ডীৰ ভিত্তিতেই গ্ৰেচ মাৰ্ক প্ৰদান কৰিছিল। তেওঁৰ মতে নতুনকৈ নিযুক্তি লাভ কৰা সকলৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহয়।

পুণৰ আদালতৰ দ্বাৰস্থ হ’ব শিক্ষা বিভাগ।

মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ বেছি খৰধৰ কৰিব নালাগে।

উপযুক্ত সময়ত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল।

লগতে চাওকঃ

মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *