fbpx
মিজােৰাম

হিন্দী নহয়, আমাক মিজো ভাষা জনা বিষয়া দিয়কঃ অমিত শ্বাহলৈ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পত্ৰ…

‘হিন্দী নহয়, আমাক মিজো ভাষা জনা বিষয়া দিয়ক।’

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি এই দাবী কৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই।

শেহতীয়াভাৱে ৰাজ্যখনত ৰেণু শৰ্মাক মুখ্য সচিবৰ দায়িত্ব দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰি এই পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উক্ত পত্ৰখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিজো লোক আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে হিন্দী বুজি নাপায় আৰু তেওঁলোকৰ মাজৰ কিছুমানে ইংৰাজীও নাজানে৷ সেয়েহে মিজো ভাষাৰ সম্যক জ্ঞান নথকা ৰেণু শৰ্মাক মুখ্য সচিবৰ পদ নিদিবলৈ আহ্বান জনায়।

লগতে তেওঁ কেন্দ্ৰৰ আদেশ সলনি কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী থাংগাই অমিত শ্বাহক সোঁৱৰাই দিয়ে যে আৰম্ভণিৰে পৰা জোৰামথাংগাই এন ডি এৰ অংশীদাৰ হৈ আহিছে৷

Image

উল্লেখ্য য, মিজোৰাম উত্তৰ-পূবৰ ৰাজ্যসমূহৰ একমাত্ৰ ৰাজ্য যি আৰম্ভণিৰে পৰা এন ডি এৰ বিশ্বস্ত অংশীদাৰ হৈ আহিছে।

সেয়েহে, মুখ্যমন্ত্ৰী জোৰামথাংগাই এন ডি এৰ সৈতে বিশ্বস্ত বন্ধু হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যাতে ৰেণু শৰ্মাক নিযুক্তি নিদি তাৰ পৰিৱৰ্তে মিজোৰামৰ বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিব জে চি ৰামথাংগাক মুখ্য সচিবৰ পদটো দিবলৈ আহ্বান জনায়৷কিয়নো জে চি ৰামথাংগাই মিজোৰামৰ স্থানীয় ভাষা জানে৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীৰ্ষ চাকৰিৰ বাবে মিজো ভাষা জনা এজন বিষয়াৰহে প্ৰয়োজন৷ কাৰণ মিজো ভাষাৰ সম্যক জ্ঞান থাকিলেহে কোনো শীৰ্ষ বিষয়াই স্থানীয় সমস্যাসমূহ বুজি পাব।

উল্লেখ্য যে, মিজোৰামক সুকীয়া ৰাজ্যৰ মৰ্যদা প্ৰদানৰ পৰা বৰ্তমানলৈকে মিজো ভাষা নজনা লোকক মুখ্য সচিব হিচাপে কেন্দ্ৰই নিযুক্তি দিয়া নাই ৰাজ্যখনত।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!