হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ ৪ নৱজাতকৰ কৰুণ মৃত্যু, সুকলমে উদ্ধাৰ ৩৬টি শিশু…

এক অতি কৰুণ ঘটনা।

হাস্পতালত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটিলে ৪ নৱজাতকে।

মধ্য প্ৰদেশৰ ৰাজধানী ভূপালৰ কমলা নেহৰুত নিশা সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

যাৰ ফলত ৪টা নৱজাত শিশুৰ কৰুণ মৃত্যু ঘটে। আনহাতে সুকলমে উদ্ধাৰ কৰা হয় আন ৩৬ টি শিশু।

 হাস্পতাল যি ঠাইত অগ্নিকাণ্ড সংঘটিত হয় সেই ঠাইত মুঠ ৪০ টি নৱজাত শিশু ৰখা হৈছিল।

উদ্ধাৰ কৰা শিশুসকলৰ ভিতৰতো কেইবাজনো অগ্নিকাণ্ডৰ ফলত কিছু পৰিমাণে আঘাত প্ৰাপ্ত হয়।

অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও স্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱা মাত্ৰকে ১৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন, উদ্ধাৰকাৰী দল, ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী আহি উপস্থিত হয়।

স্বাস্থ্য মন্ত্ৰীয়ে এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে মৃত ৪টা শিশুৰ দুৰ্ভগীয়া পিতৃ মাতৃলৈ ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ টকা প্ৰদানৰ কথা সদৰি কৰে।

Leave a Comment