হাতত ঝাড়ু লৈ লক্ষ্ণৌৰ বাল্মিকী বস্তিত প্ৰিয়ংকা গান্ধী, চলালে চাফাই অভিযান…

ভাৰতীয় জনতা পাৰ্টীৰ দলিত বিৰোধী চৰিত্ৰ প্ৰমাণ কৰি শুকুৰবাৰে লক্ষ্ণৌৰ ইন্দিৰা নগৰত লাভকুশ বাল্মীকি বস্তিত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে বহু লোকৰ ঘৰে ঘৰে গৈ লগ কৰাৰ লগতে বস্তিত ঝাড়ু দিয়া দেখিবলৈ পোৱা গ’ল৷

সীতাপুৰ গেষ্ট হাউচত ঝাড়ু মৰাৰ প্ৰসংগ উনুকিয়াই এই কাৰ্যৰ বাবে বিজেপিয়ে তেওঁক উপহাস কৰা বুলি অভিযোগ উত্থাপন কৰে।

মুখ্যমন্ত্ৰী যোগীয়েও তেওঁক ঝাড়ু দিয়াৰ বাবে উপহাস কৰিছিল বুলি প্ৰিয়ংকা গান্ধীয়ে এক বিবৃতিযোগে অভিযোগ উত্থাপন কৰিছে৷

Priyanka Gandhi Sweeps Valmiki Basti in lucknow

ৰাইজে তেওঁক ঝাড়ু দিয়াৰ যোগ্য কৰি ৰাখিছে বুলি মুখ্যমন্ত্ৰী যোগীয়ে তেওঁক উপহাস কৰা বুলি অভিযোগ কৰি ইয়াৰ প্ৰত্যুত্তৰত তেওঁ কয় যে, ঝাড়ু দিয়াটো কোনো বেয়া কথা নহয়৷ দেশৰ হাজাৰ হাজাৰ মহিলাই ঝাড়ু দিয়ে বাবেহে পৰিস্কাৰ-পৰিচ্ছনতা বৰ্তি থাকে বুলি প্ৰিয়ংকাই মন্তব্য কৰে।

তেওঁ কয় যে, বিজেপিৰ মনত দলিত চিন্তাধাৰা আছে বাবে যোগীয়ে এনে মন্তব্য কৰিছে।

বাল্মীকি বস্তিত উপস্থিত হৈ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কেইবাটাও ঘৰলৈ গৈ পৰিয়ালৰ লোকসকলক লগ কৰে আৰু বিশেষকৈ মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰে।

Priyanka Gandhi Sweeps Valmiki Basti in lucknow

প্ৰায় 20 মিনিট সময় প্ৰিয়ংকা গান্ধীয়ে এনেদৰে সময় পাৰ কৰে৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মৃত্যু হোৱা মহানগৰ কংগ্ৰেছৰ সম্পাদক সঞ্জয় বাল্মীকিৰ পৰিয়ালকো প্ৰিয়ংকাই লগ কৰে আৰু বাল্মিকী আশ্ৰমৰ চৌহদত ঝাড়ু দিয়ে। 

Leave a Comment