নিউজ ডেস্ক। বিহাৰৰ গ্ৰাম্য অঞ্চলত বিভিন্ন লোকৰ বেংক একাউণ্টত কোটি কোটি টকা জমা হোৱা ঘটনা বৰ্তমানেও অব্যাহত আছে।
খাগৰীয়া আৰু কাটিহাৰৰ পিছত এইবাৰ মুজাফৰপুৰ। য’ত এজন বৃদ্ধই বেংক একাউণ্টত পেঞ্চনৰ ধন জমা হৈছে নেকি বুলি কৰিবলৈ গৈছিল পৰীক্ষা। আৰু একাউণ্ট পৰীক্ষাৰ পিছত দেখে যে তেওঁৰ একাউণ্টত জমা হৈছে ৫২ কোটি টকা।
এই কথা জানিব পাৰি আচৰিত হৈ পৰে সকলো। এই ঘটনাটো সংঘটিত হৈছে মুজাফৰপুৰ জিলাৰ কাটৰা আৰক্ষী থানা অঞ্চলত। বৰ্তমান এই খবৰ বিয়পি পৰিছে সৰ্বত্ৰে।
খবৰ অনুসৰি, বৃহস্পতিবাৰে ৰাম বাহাদুৰ শ্বাহ নামৰ বৃদ্ধজনে বৃদ্ধ পেঞ্চনৰ টকা পৰীক্ষা কৰিবলৈ গৈছিল ওচৰৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ অৰ্থাৎ চিএছপিলৈ।
সেই অনুসৰি চিএছপি অপাৰেটৰজনে বৃদ্ধজনৰ বেংক একাউণ্ট পৰীক্ষা কৰি স্তম্ভিত হৈ পৰে। তেওঁ অলপ সময় একো নোকোৱাকৈ ৰৈ আছিল। কিছু সময়ৰ পিছত তেওঁ ৰাম বাহাদুৰ শ্বাহক কয় যে তেওঁৰ চেভিংচ একাউণ্টত ৫২ কোটি টকা জমা হৈছে।
এই কথা শুনি বৃদ্ধজন আচৰিত হৈ পৰে। খবৰটো যেতিয়া অঞ্চলটোৰ সকলোৱে জানিছিল তেতিয়া সকলোৱেই আচৰিত হৈ পৰে। তেওঁৰ গাঁওখনত বিৰাজ কৰিছিল এক হুলস্থুলীয়া পৰিবেশে।

এই সন্দৰ্ভত ৰাম বাহাদুৰ শ্বাহে কয় যে, “মই বৃদ্ধ পেঞ্চনৰ খবৰ লবলৈ ওচৰৰ চিএছপি অপাৰেটৰৰ ওচৰলৈ গৈছিলো। য’ত চিএছপি অপাৰেটৰে মোক কয় যে আপোনাৰ একাউণ্টত ৫২ কোটিতকৈও অধিক টকা জমা হৈছে। সেই টকা কেনেকৈ জমা হল ভাবি আমি আচৰিত হৈ পৰো। আমি খেতি কৰি খাই জীয়াই আছো। চৰকাৰক আমি সেই ধন প্ৰদান কৰিবলৈ দাবী জনাইছো। যাতে আমাৰ বৃদ্ধ বয়স সঠিকভাৱে পাৰ হৈ যায়।”
তেওঁৰ পুত্ৰ সুজিত কুমাৰ গুপ্তাই কয় যে, “আমাৰ দেউতাৰ একাউণ্টত ৫২ কোটিতকৈও অধিক টকা জমা হৈছে। একাউণ্টত টকাৰ পৰিমাণটো দেখি আমি যথেষ্ট আচৰিত হৈছো। আমি খেতিয়ক হিচাপে চৰকাৰক দাবী কৰো যে যিমান সম্ভৱ চৰকাৰে আমাক সহায় কৰিব লাগে।”
কাটৰা আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোজ পাণ্ডেয়ে কয় যে, “আমি স্থানীয় লোক আৰু সংবাদ মাধ্যমৰ জৰিয়তে এই খবৰ লাভ কৰো। চিঙ্গাৰীৰ এজন বৃদ্ধ ব্যক্তিয়ে তেওঁৰ একাউণ্টত ৫২ কোটিতকৈও অধিক টকা লাভ কৰিছে। আমি বিষয়টোৰ অনুসন্ধান কৰিছো।”
আৰক্ষীয়ে শুক্ৰবাৰে এই ঘটনাটোৰ তদন্ত কৰে আৰু লোকজনৰ একাউণ্ট থকা সংশ্লিষ্ট বেংকৰ বিষয়াকো সোধা পোচা কৰে।
উল্লেখ্য যে বিহাৰত ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হৈ আহিছে। প্ৰথমতে খাগৰীয়া জিলাৰ এজন লোকৰ বেংক একাউণ্টত জমা হৈছিল ৫.৫ কোটি টকা। ইয়াৰ পিছতেই কাটিহাৰৰ দুই শিশুৰ বেংক একাউণ্টত জমা হৈছিল ৯৬০ কোটি টকা। আৰু এইবাৰ মুজাফৰপুৰত সংঘটিত হৈছে এই ঘটনা।









