
নিউজ ডেস্কঃ নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনলৈ পুনৰ ঢাপলি মেলিছে অসমীয়া যুৱক-যুৱতী। বিভিন্ন কাৰণত বহু চফল যুৱক-যুৱতীয়ে বাচি লৈছে সশস্ত্ৰ সংগ্ৰামৰ পথ। বহুতে আলফালৈ যোৱাৰ পৰিকল্পনা কৰিছে।
যুৱ প্ৰজন্মৰ মাজত আলফা গমনৰ এনে প্ৰৱণতা বৃদ্ধিয়ে উদ্বিগ্ন কৰি তুলিছে চৰকাৰ, প্ৰশাসনকো। যাৰ বাবে সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত কৰা মন্তব্যৰ ওপৰত নজৰ দিবলৈ বাধ্য হৈছে আৰক্ষী-প্ৰশাসন।
শেহতীয়াকৈ আলফা স্বাধীনৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ হৈছে কেইবাজনো যুৱক-যুৱতী। তাৰ মাজতে এইবাৰ সামাজিক মাধ্যমত আলফালৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ এজন যুৱকক।

লখিমপুৰ নগৰ এলেকাৰ নকাৰী নিবাসী ভাইটি আলীৰ পুত্ৰ ফাৰুক আলী (২৭) ওৰফে বীৰুভাইয়ে সামাজিক মাধ্যমত আলফাত যোগদান কৰিম বুলি কৰা এটা পোষ্টৰ পিছতে আনকো উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, লখিমপুৰ থানাত ফাৰুকৰ বিৰুদ্ধে কৰা হয় এটা গোচৰ। আৰু তাৰ পিছতে বৃহস্পতিবাৰে নিশা অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱকজনক। ধৃত ফাৰুকক ইতিমধ্যে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।