সম্বৰ্দ্ধনা অনুষ্ঠানৰ মঞ্চতে অসুস্থ হৈ পৰিল অলিম্পিকত স্বৰ্ণ জয়ী নীৰজ চোপ্ৰা

নিউজ ডেস্ক। টকিঅ’ৰ পৰা ঘূৰি অহা পিছৰে পৰা তেওঁৰ শৰীৰ কিছু অসুস্থ আছিল। জ্বৰ, ডিঙি বিষত আক্ৰান্ত হৈছিল নীৰজ চোপ্ৰা।

জ্বৰ আৰু ডিঙিৰ বিষত আক্ৰান্ত নীৰজৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। প্ৰতিবেদনত কভিড নিগেটিভ আহে। কিন্তু জ্বৰ কমা নাই তেওঁৰ।

ইপিনে, মংগলবাৰে হাৰয়ানাৰ পানিপথৰ এক সম্বৰ্ধনা অনুষ্ঠানত অংশ লয় নীৰজে। অনুষ্ঠান চলি থকাৰ মাজতে পুনৰ অসুস্থ হৈ পৰে নীৰজ।

জানিব পৰা মতে, দিল্লীৰ পৰা পানিপথলৈ তেওঁ এটি গাড়ীৰ শোভাযাত্ৰাত অংশ লৈছিল।

অত্যন্ত গৰমত তেওঁ অসুস্থ যেন অনুভৱ কৰিছিল। দিল্লীৰ পৰা পানিপথ পাওঁতে সেই শোভাযাত্ৰাত লাগিছিল প্ৰায় ৬ ঘণ্টা সময়।

চিকিৎসকক যােগাযােগ কৰাৰ পাছতে চিকিৎসকে অত্যধিক গৰমৰ বাবে নীৰজে অসুস্থ অনুভৱ কৰা বুলি প্ৰকাশ কৰে। লগতে নীৰজক কিছুদিন বিশ্ৰাম লােৱাৰ বাবে পৰামৰ্শ দিয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও স্বাধীনতা দিৱসৰ দিনা লালকিল্লাৰ এক অনুষ্ঠানত অংশ লৈছিল নীৰজে। তেতিয়াও তেওঁৰ স্বাস্থ্যৰ অৱস্থা ভাল নাছিল।

Leave a Comment