
নিউজ ডেস্কঃ বৰ্তমান সময়ত সংস্থাপনহীনতাত জৰ্জৰ সমগ্ৰ দেশ! এটা চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবেও এতিয়া লাখ লাখ উচ্চ শিক্ষিত চাকৰি প্ৰত্যাশীয়ে ভিৰ কৰা দেখা যায়। এনে সময়তে পশ্চিম বংগৰ এজন যুৱকে একে সময়তে ১৭টা ভিন্ন বিভাগত লাভ কৰা চাকৰিৰ খবৰ দেশজুৰি চৰ্চিত হৈ পৰিছে।
পশ্চিমবংগৰ হাওৰাৰ বালিৰ ঘোষপাৰা নিৱাসী অৰিজিত ৰায় নামৰ যুৱকজনে একে সময়তে লাভ কৰিছে ১৭টা চাকৰি। চুঞ্চুৰাৰ হুগলী ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি কলেজৰ ছাত্ৰ অৰিজিতে লাভ কৰা চাকৰি সমূহৰ কিছু নিজৰ কলেজ কেম্পাছতে লাভ কৰিছে যদিও আন কিছু লাভ কৰিছে নিজৰ উদ্যোগত।
শেহতীয়াকৈ জাদৱপুৰ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ছাত্ৰ বিশাখ মণ্ডলে বাৰ্ষিক দৰমহা প্ৰায় ২ কোটি টকাৰে চাকৰি লাভ কৰিছিল। অৰিজিতো যেন তাৰ কম নহয়। যোৱা দুমাহত তেওঁ ১৭টা বহুজাতিক কোম্পানীত কাম কৰিছে। আৰিজিতে চাকৰি পোৱা ঠাইসমূহৰ ভিতৰত আছে ৱিপ্ৰ’, টিচিএছ, ইনফ’ছিছ, এচেঞ্চুৰ, বাইজুছ আদি বিভিন্ন কোম্পানী। আন কেইটামান সংগঠনৰ পৰা এতিয়াও চূড়ান্ত খবৰ অহা নাই বুলি দাবী কৰিছে অৰিজিতে।

সফলতাৰ ৰহস্য ব্যাখ্যা কৰি অৰিজিতে কয়, ‘প্ৰথম বছৰৰ পৰা মই সকলো কথা ভালদৰে অধ্যয়ন কৰিছো। বিশেষকৈ কম্পিউটাৰ প্ৰগ্ৰেমিং। ইয়াৰ পৰা মই লাভৱান হৈছো। ইয়াৰ বাহিৰেও মই গাণিতিক আৰু অন্যান্য বিষয়বোৰ খুব ভালকৈ পঢ়িছোঁ। কেৱল মই নহয়, বহু সহপাঠীয়ে বহু কোম্পানীত চাকৰি পাইছে। মোক ভাল প্ৰগ্ৰেমিং শিকোৱাৰ বাবে কলেজ কৰ্তৃপক্ষক ধন্যবাদ।’
মহাবিদ্যালয়খনৰ অধ্যক্ষ স্মিতাধি গংগোপাধ্যায়ে কয় যে কোৰোনাৰ বাবে বহু চাকৰি হেৰাই গৈছে সঁচা, কিন্তু আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বহুত চাকৰিৰ সুযোগ পাইছে। কলেজ বন্ধ হোৱাৰ পৰাই অনলাইন পাঠ আৰু প্ৰেকটিক্স ঠিকেই আছে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ আৰু নিয়োগৰ ক্ষেত্ৰত বহুখিনি উন্নতি হৈছে।