অসমীয়াঅসম

অসমৰ ভূমিৰ ওপৰতে অধিকাৰ নাই খিলঞ্জীয়াৰ! ডিফু-লামডিং পথৰ চাৰি কিলোত চলিল উচ্ছেদ অভিযান

নিউজ ডেস্কঃ জাতি-মাটি-ভেটিৰ কথা কৈ শাসনলৈ অহা অসমৰ বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছতে দেখুৱাই আহিছে প্ৰকৃত ৰূপ। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ মষিমূৰ কৰি জাতি ৰক্ষাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এইবাৰ উচ্ছেদ কৰিলে কাৰ্বি, বড়োকে ধৰি ৩৫টা পৰিয়ালক।

কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড০ তুলিৰাম ৰংহাঙৰ নেতৃত্বত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্ত পৰিষদ গঠন হোৱাৰ পিচতেই বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিছে কাৰ্বি আংলঙত।

photo1656829997

শনিবাৰে পুৱাই যেন এই উচ্ছেদ অভিযানৰ দুণ্দুভি বজালে কাৰ্বি আংলং স্বায়ত্ব পৰিষদে। ডিফু-লামডিং পথৰ চাৰি কিলোস্থিত গাঁৱত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ উদ্যোগত আৰক্ষী, চি আৰ পি এফ আৰু জিলা বন বিভাগৰ বৃহৎ বাহিনীৰ সহযোগত শনিবাৰে পুৱা ৭ বজাৰ পৰাই উচ্ছেদ অভিযান চলাই ভাঙি পেলোৱা হয় ভূমিপুত্ৰৰ বাসগৃহ।

photo1656829991

জিলাখনৰ সদৰ ডিফুৰ কিছু নিলগত থকা বালিৰাম তেৰাং গাঁৱৰ ডিফু ৰাজহ চক্ৰৰ অধীনস্থ ৰংপাংথিৰ গাঁৱত চলা এই উচ্ছেদ অভিযানৰ সময়তে সৰ্বস্ৰান্ত হৈ আৰক্ষীৰ সৈতে তৰ্কযুদ্ধ আৰু হতাহতিতো লিপ্ত হয় উচ্ছেদিত জনতা।

উল্লেখ্য যে ২০১২ চনৰ পৰাই অঞ্চলটোত কাৰ্বি, বড়োসহ বিভিন্ন পার্বত্য খিলঞ্জীয়া জনগোষ্ঠী লোকে বসবাস কৰা প্ৰায় ২৫ বিঘা মাটিত ৩৫ টা পৰিয়ালে ৰংপাংথিৰত ছেৰিকালচাৰ বিভাগৰ মাটিত বসতি স্থাপন কৰিছিল। পিচলৈ উক্ত ২৫ বিঘা ভূমিত ডিফু ন্যায়িক আদালতে খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰৰ প্রতি লক্ষ্য ৰাখি এই পৰিয়ালসমূহক বাসগৃহ নিৰ্মাণ কৰাৰ বাবে ভূমিখিনি আবণ্টন দিছিল।

photo1656829981

সম্প্রতি কাৰ্বি পৰিষদে উক্ত স্থানত বেদখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনামর্মে ৰংপাংথিৰ গাঁৱৰ অবৈধ দখল বুলি দখলকাৰীলৈ জাননী জাৰি কৰিছিল। সেই মর্মেই শনিবাৰে পুৱাৰে পৰা বৃহৎ নিৰাপত্তাৰক্ষী লৈ উক্ত স্থানত কাৰ্বি পৰিষদে উচ্ছেদ অভিযান চলায়।

photo1656829971

যাৰ বাবে উচ্ছেদিত জনতাই হাতে হাতে প্লেকাৰ্ড লৈ এই উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে ‘কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং গ’ বেক, বিজেপি গ’ বেক’ আদি শ্ল’গানেৰে অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে। সেই সময়তে আৰক্ষী-প্ৰশাসনৰ সৈতে বাকযুদ্ধ আৰু পিচলৈ হতাহতিতো লিপ্ত হয় উচ্ছেদিত জনতা।