শোকাৱহ! পদপথৰ দোকানৰ খাদ্য খাই মৃত্যুক সাৱটিলে একেখন ঘৰৰে ৩ কণমানি ভগ্নীয়ে…

এক অতি শোকাৱহ ঘটনা।

পদপথৰ দোকানৰ খাদ্য খাই মৃত্যুক সাৱটিলে একেখন ঘৰৰে ৩ কণমানি ভগ্নীয়ে।

দোকানৰ পৰা তেলেত বনোৱা খাদ্য খাই একেখন ঘৰৰে ৩ কণমানি ভগ্নীৰ কৰুণ মৃত্যু।

উত্তৰ প্ৰদেশৰ ৰাইবেৰেলী জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

মৃত কণমানি কেইজনী হৈছে- পৰি(৭), বিন্দী(৮) আৰু পিহু(৫)।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি সন্ধিয়া তিনিওগৰাকী কিশোৰীয়ে কিবা খোৱাৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল আৰু এখন দোকাখনত তেলত বনোৱা খাদ্য খোৱাৰ লগতে কিবা নিমখীয়া বস্তু খাইছিল।

দোকানখনত খাদ্যবস্তু খাই ঘৰলৈ উভতি অহাৰ পাছতে কিশোৰী তিনিগৰাকী গুৰুতৰভা্ৱে অসুস্থ হৈ পৰে।

ততাতৈয়াকৈ তিনিওকো হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত তিনিওৰো মৃত্যু হয়।

এই শোকাৱহ ঘটনাটোৰ পাছতে উত্তৰ প্ৰদেশ আৰক্ষীয়ে দোকানীজনৰ লগতে তেওঁ দুয়োজন পুত্ৰকে আটক কৰে বুলি জানিব পৰা গৈছে।

উক্ত ঘটনাৰ পাছতে ঘটনাস্থলীত এগৰাকী মহকুমা পৰ্যায়ৰ বিষয়া উপস্থিত হৈ দোকানখনৰ খোৱা খাদ্যৰ নমুনা সংগ্ৰহ কৰে আৰু পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।

Leave a Comment