শোকাৱহ! চোতালত ফটকা ফুটাই থাকোঁতেই ৫ বছৰীয়া শিশুক লৈ গ’ল নাহৰফুটুকী বাঘে…

এক শোকাৱহ ঘটনা। দীপাৱলীৰ সন্ধিয়া চোতালত আতচবাজী জ্বলাই থকা অৱস্থাত এটি পাঁচ বছৰীয়া শিশুক দাঙি নিলে নাহৰফুটুকী বাঘে।

যাৰ ফলত শিশুটিৰ মৃত্যু হয়।

এই ঘটনা সংঘটিত হয় হিমাচল প্ৰদেশৰ চোলান জিলাৰ লালপানীত।

G1

খবৰ অনুসৰি, শিশুটিয়ে দেৱালীত আতচবাজী জ্বলাই থকাৰ সময়ত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল।

যদিও শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নগ’ল, ওচৰৰ অৰণ্যত তেজৰ চিহ্ন পোৱা যায়।

স্থানীয় কাউন্সিলাৰ জগজিৎ সিং বাগ্গাই কয় যে, তেওঁ নিশা প্ৰায় ৮ বজাত খবৰ পাইছিল যে যোগৰাজ নামৰ শিশুটিক নাহৰফুটুকী বাঘে লৈ গৈছিল। তেওঁ নিশা প্ৰায় ১১ বজাত আৰক্ষীক এই কথা অৱগত কৰিছিল।

তেওঁৰ মতে, জন্তুটো নাহৰফুটুকী বাঘ আছিল নে আন কিবা আছিল সেয়া নিশ্চিত কৰা হোৱা নাই।

লগতে চাওকঃ ব্যতিক্ৰম পৰম্পৰা! এই বিশেষ পূজাত শিশুক সু-স্বাস্থ্যৰ বাবে শুৱাই দিয়া হয় গোবৰত

G2

শিশুটিৰ মাতৃয়ে আৰক্ষীক কয় যে, ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ পাকঘৰত আছিল। শিশুটি চোতালত ফটকা ফুটাই আছিল। কিন্তু হঠাতে চোতালৰ পৰিৱেশটো শান্ত হৈ গৈছিল। তেতিয়া তেওঁ আহি বাহিৰত চাই যে শিশুটি চোতালত নাই।

যেতিয়া পৰিয়ালটোৱে অনুভৱ কৰিলে যে শিশুটি নিৰুদ্দেশ হৈছে, লগে লগে তেওঁলোকে বহুত অনুসন্ধান কৰে। কিন্তু তেওঁলোকে শিশুটিক বিচাৰি নাপায়।

FDa-Zg0i-Vc-AYLfr-I

চিমলা ডিএফঅ’ ৰবি শংকৰে ঘটনাটো নিশ্চিত কৰি কয় যে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয়।

বন বিভাগৰ দলে শিশুটিক বিচাৰি আছে। নাহৰফুটুকী বাঘটোক ধৰিবলৈ অৰণ্যত এটা পিঞ্জৰা স্থাপন কৰা হৈছে।

লগতে চাওকঃ ফটকাৰ মােনা লৈ স্কুটিত উঠি ঘৰমুৱা যাত্ৰা পিতা-পুত্ৰৰ, ঘটিল শােকাৱহ ঘটনা

G10

Leave a Comment