
নিউজ ডেস্কঃ পথ পাৰ হ’বলৈ লওতেই তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী এছএছবি জোৱানে।
সোমবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় সোণাপুৰৰ কলেজ গেটত।
দুৰ্ঘটনাত নিহত এছ এছ বি জোৱানগৰাকীক মণিপুৰৰ এছ বেঞ্জামিন (৫৫) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, জোৱানজনে পথ পাৰ হ’বলৈ পথৰ দাঁতিত ৰৈ থকা সময়তে এএছ ০১ এলচি ৪৫৭৪ নম্বৰৰ তীব্ৰবেগী ট্ৰেভেলাৰখনে মহটিয়াই লৈ যায়।
গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী ট্ৰেভেলাৰৰ খুন্দাত থিতাতে মৃত্যু ঘটে এছ বেঞ্জামিনৰ।
ইফালে এই দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰখনে সোণাপুৰৰ কচুতলি গাঁৱৰ পথেৰে পলায়নৰ চেষ্টা চলায় যদিও নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত সোমাই পৰে।
যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে ট্ৰেভেলাৰখনত থকা ৪০ জন যাত্ৰীৰ।
ইতিমধো ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ বাবে প্ৰচেষ্টাই চলাই আছে।