শোকাবহ! মন্দিৰৰ ধৰ্মীয় উৎসৱৰ মাজতে ক্ৰেন ভাগি মৃত্যু ৪ ভক্তৰ…

নিউজ ডেস্কঃ মন্দিৰত আয়োজিত ধৰ্মীয় উৎসৱৰ মাজতে হঠাৎ ক্ৰেন খহি গাৰ ওপৰত পৰাত কৰুণ মৃত্যুক সাৱটি লয় এগৰাকী কিশোৰসহ ৪ ভক্তই।

দেওবাৰে নিশা এই শোকাবহ ঘটনা সংঘটিত হয় তামিলনাডুৰ ৰাণীপেট জিলাৰ নেমিলিৰ সমীপৰ কীজ বীঠীত।

দুৰ্ঘটনাত নিহত সকলক চি ভূপালন (৪৫), জি যোথীবাবু (১৬), পি মুথুকুমাৰ (৪৬) আৰু এম চিন্নাস্বামী (৭৬) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে কীজ বীঠীৰ দ্ৰৌপদী আম্মান মন্দিৰত শতাধিক ভক্তই অংশগ্ৰহণ কৰে মাইলাৰু উৎসৱত।

এই অনুষ্ঠানৰ অংশ হিচাপে নিহত চাৰিওজনে ভগৱানৰ প্ৰতিমূৰ্তিত মালা পিন্ধাবলৈ ক্ৰেনত ওলমি আছিল।

কিন্তু দুৰ্ভাগ্যবশতঃ ক্ৰেনখন ভাৰসাম্য হেৰুৱাই মাটিত বাগৰি পৰাত প্ৰায় ৩০ ফুট উচ্চতাৰ পৰা পৰি মৃত্যু ঘটে চাৰিওজন ভক্তৰ।

এই ঘটনাত আন ৮ জন লোকো আহত হয়।

ইফালে এই ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।