অসমত নিষিদ্ধ হ’ব লাগে ‘পাঠান’ৰ দৰ্শনী! থানাত এজাহাৰ দাখিল কুটুম্ব সুৰক্ষা পৰিষদৰ…

নিউজ ডেস্কঃ ২৫ জানুৱাৰীত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তিলাভ কৰিব বলিউডৰ কিং খান অভিনীত পাঠান নামৰ ছবিখনে।

কিন্তু ছবিখনৰ মুক্তিৰ পূৰ্বেই এতিয়া সমগ্ৰ দেশজুৰি ছবিখনক লৈ সৃষ্টি হৈছে হৈ-চৈৰ।

হিন্দুত্বৰ অনুভূতিক আঘাত হনাৰ অভিযোগ তুলি ইতিমধ্যে ছবিখন নিষিদ্ধ কৰাৰ দাবীৰে প্ৰতিবাদ কৰিছে অনেক হিন্দুত্ববাদী সংগঠনে।

অসমতো পৰিছে এই ‘পাঠান’ বিৰোধী প্ৰতিবাদৰ প্ৰভাৱ।

ইতিমধ্যেই গুৱাহাটীত ছবিখনৰ বেনাৰ-পোষ্টাৰ ফালি ছবিগৃহত পাঠানৰ দৰ্শনী নিষিদ্ধ কৰিবলৈ দাবী জনাইছে বজৰংগ দলে।

তাৰ মাজতে ছবিখনক লৈ আহিছে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, আহিছে শ্বাহৰুখ খানৰ ফোন।

কিন্তু এই সকলোবোৰৰ মাজতে ছবিখননৰ বিৰুদ্ধে মহানগৰীৰ গীতানগৰ থানাত এজাহাৰ দাখিল কৰিলে কুটুম্ব সুৰক্ষা পৰিষদে।

‘পাঠান’ৰ দৰ্শনী অসমত বন্ধ কৰাৰ অনুৰোধ জনাই এই এজাহাৰ দাখিল কৰিছে হিন্দুত্ববাদী সংগঠন কুটুম্ব সুৰক্ষা পৰিষদে।

ইফালে সংগঠনৰ নেতা সত্যৰঞ্জন বৰাই এজাহাৰ দাখিলৰ পিছতে তীক্ষ্ণ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰিবলৈকে মুখ্যমন্ত্ৰীয়ে শ্বাহৰুখ খানক চিনি নাপাও বুলি মন্তব্য কৰিছিল বুলি সমালোচনাত সৰৱ হৈ পৰে সত্যৰঞ্জন বৰা।