শোকাবহ! নিৰ্মাণৰত অৱস্থাত খহি পৰিল গুদামৰ দেৱাল, কমেও ৫ জনৰ মৃত্যু, আহত ৯ জন

নিউজ ডেস্কঃ নিৰ্মাৰত গুদামৰ দেৱাল ভাঙি প্ৰাণ গ’ল কমেও ৫ জন শ্ৰমিকৰ। দুৰ্ঘটনাত আহত আন ৯ জন শ্ৰমিক।

শুকুৰবাৰে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় দিল্লীৰ সমীপৰ আলিপুৰ অঞ্চলত। জানিব পৰা মতে, এটা নিৰ্মাণৰত গুদামৰ এখন প্ৰকাণ্ড দেৱাল খহি পৰাৰ ফলত কৰ্মৰত কমেও ৫ গৰাকী শ্ৰমিক নিহত হোৱাৰ লগতে আন ৯ জন গুৰুতৰভাৱে আহত হয়।

image 144
শোকাবহ! নিৰ্মাণৰত অৱস্থাত খহি পৰিল গুদামৰ দেৱাল, কমেও ৫ জনৰ মৃত্যু, আহত ৯ জন 2

আৰক্ষীয়ে জনোৱা মতে, আহত সকলক লগে লগে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আহত দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিবপৰা গৈছে।

ইফালে ধ্বংসস্তূপৰ মাজত আন কেইবাজনো শ্ৰমিক আৱদ্ধ হৈ থকাৰো আশংকা কৰা হৈছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই দুৰ্ঘটনাক লৈ শোক ব্যক্ত কৰে আৰু নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে আহত সকলৰ চিকিৎসা আৰু সাহায্যৰ ক্ষেত্ৰত নিৰ্দেশ প্ৰদান কৰিছে।