ৰাজ্যত জাপানীজ এনকেফেলাইটিছ আতংক।
ভয়াৱহ বান পৰিস্থিতিৰ পিছতে ৰাজ্যৰ ভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।
চিৰাং, দৰং, তিনিচুকীয়া, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, শোণিতপুৰ আদি জিলাসমূহত ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।
জাপানীজ এনকেফেলাইটছক লৈ ৰাজ্য চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।
অতিৰিক্তভাবে ১০খন জিলা হাস্পতাল সাজু কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।
এই কথা সংবাদমাধ্যমৰ আগত সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
এই ১০ খন হাস্পতালত জাপানীজ এনকেফেলাইটিছৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় চিকিৎসক, ঔষধ, আইচিইউকে ধৰি সকলো ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
লগতে বানে বিধ্বস্ত কৰা অঞ্চলসমূহতো চিকিৎসাৰ বাবে বিশেষ কেম্পৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে।
ইয়াৰ পূৰ্বে ৰাজ্যৰ মেডিকেল কলেজ সমূহতে হৈছিল জাপানীজ এনকেফেলাইটিছৰ চিকিৎসা।
লগতে ছোৱাইন ফিভাৰৰ ক্ষেত্ৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ভ বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।









