পৰীক্ষা কেন্দ্ৰতেই পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে…

পৰীক্ষা কেন্দ্ৰতেই পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে।

কাৰাগাৰৰ পৰিৱৰ্তে পৰীক্ষা কেন্দ্ৰতেই পৰীক্ষাত বহিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

বিশ্ববিদ্যালয়ৰ নীতি-নিৰ্দেশনা মৰ্মে পৰীক্ষাত বহাৰ অনুমতি আদালতৰ।

বৰ্ষাশ্ৰীৰ পৰীক্ষা সন্দৰ্ভত এই নতুন শুনানি গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতৰ।

উল্লেখ্য যে, পূৰ্বে আৰক্ষীৰ নিৰিক্ষণতে কাৰাগাৰৰ ভিতৰত পৰীক্ষাত বহাৰ কথা আছিল বৰ্ষাশ্ৰীৰ।

ৰাষ্ট্ৰদ্ৰোহৰ কবিতা লিখি যোৱা দুমাহ ধৰি কাৰাগাৰতে থকা বৰ্ষাশ্ৰীয়ে পৰীক্ষা দিবৰ বাবে জামিন বিচাৰিছিল।

বৰ্ষাশ্ৰীৰ আৱেদনৰ ভিত্তিতে গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতে পৰীক্ষা দিব পৰা ব্যৱস্থা কৰি দিয়ে।