
নিউজ ডেস্কঃ বিয়লিৰ সময়। ভাগে ভাগে কামত ব্যস্ত আছিল পৰিয়ালৰ সকলোবোৰ সদস্য। পিতৃয়ে গৈছিল শাক-পাচলিৰ দোকানলৈ। মাতৃও ব্যস্ত আছিল ঘৰুৱা কামত। আনহাতে দুপৰীয়াৰ আহাৰ খাই বাৰান্দাতে শুই পৰিছিল জ্যেষ্ঠ ভাতৃ।
সেই সময়ত চোতালত অকলে খেলি থকা এটি ডেৰ বছৰীয়া কণমানিয়ে কাষতে থকা এটা পানী ভৰ্তি বাল্টিঙৰ ভিতৰত সোমাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়।
এই শোকাবহ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ উধম সিং নগৰৰ বাজপুৰৰ মহেশপুৰা গাঁৱত। শুকুৰবাৰে বিয়লি সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, গাঁওখনৰ নিৱাসী ৰূপবসন্তৰ ডেৰ বছৰীয়া কন্যা মানৱীয়ে চোতালত খেলি থকা সময়তে এটা পানী ভৰ্তি বাল্টিঙৰ ভিতৰত কেনেবাকৈ আৱদ্ধ হৈ পৰে।
বহু পলমকৈ বাৰান্দাত শুই থকা জ্যেষ্ঠ ভাতৃয়ে সাৰ পাই শিশুটিক বাল্টিঙৰ ভিতৰত সোমাই দেখিহে পৰিয়ালত হাহাকাৰ লাগে।

লগে লগে অচেতন শিশুটিক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ডেৰ বছৰীয়া মানৱীক।
পৰিয়ালৰ অমনোযোগিতাৰ বাবে এনেদৰে এটি কণমানি শিশু পানী ভৰ্তি বাল্টিঙৰ ভিতৰত আৱদ্ধ হৈ সলিল সমাধি ঘটাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ গাঁওখনত।
আনহাতে শিশুটিৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলো।