মৰ্মান্তিক! শুই থকা সময়তে কোঠাৰ এচি বিস্ফোৰণ ঘটি মৃত্যু পিতা-পুত্ৰৰ…

নিউজ ডেস্কঃ শুই থকা সময়তে ঘৰৰ এয়াৰ কণ্ডিচনাৰ বিস্ফোৰণৰ ফলত প্ৰাণ হেৰুৱালে এগৰাকী ব্যক্তি আৰু তেওঁৰ ২ বছৰীয়া পুত্ৰই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে গুজৰাটৰ আহমেদাবাদাৰ নিকোল অঞ্চলত। জানিব পৰা মতে, শুকুৰবাৰে সন্দিয়া পিতৃ-পুত্ৰই কোঠাত এচি লগাই শুই থকা সময়তে এচিটোৰ বিস্ফোৰণ ঘটি অগ্নিকাণ্ডৰ সৃষ্টি হয়।

অগিকাণ্ডৰ ফলত গোটেই কোঠাটো ধোঁৱাৰে আৱৰি ধৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে পিতৃ শৈলেশ পেটেল (৪৫) আৰু তেওঁৰ দুই বছৰীয়া পুত্ৰ প্ৰসাংশ পেটেলৰ।

বাতৰি অনুসৰি, এচিটোৰ বিস্ফোৰণৰ সময়ত পিতা-পুত্ৰই এটা কোঠাত শুই থকাৰ বিপৰীতে পৰিয়ালৰ সদস্যসকল আন কোঠাত আছিল।

যাৰ ফলত বিস্ফোৰণ সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা নাছিল পৰিয়ালৰ আন সদস্যসকলে।

পিছত ওচৰ-চুবুৰীয়াই কোঠাটোৰ পৰা ধোঁৱা ওলোৱা দেখি পৰিয়ালক অৱগত কৰাত লগে লগে হুৱাদুৱা লাগে।

তাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপণ কৰে। কিন্তু তেতিয়ালৈকে মৃত্যু ঘটে পিতা-পুত্ৰৰ।