পূজাৰ বতৰত ৰাজ্যত বৃদ্ধি পালে ডিজেলৰ দাম।
ডিজেলত VAT বৃদ্ধি কৰিলে ৰাজ্য চৰকাৰে।
ৰাজ্য চৰকাৰে ২.০৫ শতাংশ VAT বৃদ্ধি কৰিলে প্রতিলিটাৰ ডিজেলত।
গুৱাহাটীত প্রতিলিটাৰ ডিজেলৰ হ’লগৈ ৮৬.৯৫ টকা।
শুকুৰবাৰে প্রতিলিটাৰ ডিজেলৰ দাম আছিল ৮৪.৯৪ টকা।
পূৰ্বতে ডিজেলত VAT আছিল ১৪.৬৪ শতাংশ।
এতিয়া ডিজেলত VAT ৰ পৰিমাণ হ’ব ১৬.৬৯ শতাংশ।
শনিবাৰৰ পৰা কাৰ্যকৰী হয় এই নিৰ্দেশনা।
ইপিনে ৰাজ্য চৰকাৰে ডিজেলৰ দাম বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তেওঁ কয়- পেট্ৰ’ল-ডিজেলৰ দাম অসম আৰু মেঘালয়ত দেশৰ ভিতৰতে আটাইতকৈ কম। দিল্লী, উত্তৰ প্ৰদেশৰ সৈতে সমান কৰা হ’ব অসমত পেট্ৰ’ল-ডিজেলৰ দাম।
উল্লেখ্য যে, পূৰ্বে ৰাজ্য চৰকাৰে ডিজেলত VAT ৰেহাই দিছিল। পূৰ্বতে ডিজেলত VAT ৰেহাই আছিল ২.৪ শতাংশ। ২০২২ চনৰ ৩০ জুলাইৰ অধিসূচনা প্রত্যাহাৰ কৰি এতিয়া VAT ৰেহাইৰ পৰিমাণ হ’ব ১.৯২ শতাংশ।









