শুই থকা গৃহহীন বৃদ্ধাৰ ওপৰত পানী ঢালি দিলে দোকানীয়ে, প্ৰত্যক্ষদৰ্শী সেনা জোৱানে দিলে এশিকনি

নিউজ ডেস্ক। সঁচাই দেশ, শিক্ষা আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়ন হলেও মানুহৰ মন, মগজু আৰু আচৰণ যে বৰ্তমানেও উন্নত হোৱা নাই, সেই কথা প্ৰায়ে দেখিবলৈ পোৱা যায়। য’ত মানৱতা ভুলণ্ঠিত হোৱাৰ ঘটনা প্ৰায়ে শুনিবলৈ পোৱা যায়।

ঠিক তেনেদৰে এইবাৰো এটা দৃশ্য দেখিবলৈ পোৱা গৈছে, য’ত এগৰাকী বৃদ্ধাক দোকানৰ বাৰণ্ডাত শুই থকাৰ অপৰাধত চৰম দুৰ্ব্যৱহাৰ কৰিলে এজন দোকানীয়ে। আৰু সেই দৃশ্য দেখি ভাৰতীয় সেনাৰ এজন জোৱানে উচিত পাঠ দিলে দোকানী জনক।

সামাজিক মাধ্যমত ভাৰতীয় সেনাৰ জোৱান জনৰ সেই দৃশ্য বৰ্তমান ভাইৰেল হৈ পৰিছে। যিটো দৃশ্য বন্দী হৈছিল চি চি টিভিৰ কেমেৰাত। আৰু সেই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতেই বৰ্তমান সকলোৱে চেল্যুট জনাইছে জোৱান জনক।

দৃশ্যটোত দেখা অনুসৰি, এখন বন্ধ দোকানৰ বাৰাণ্ডাত শুই আছে এগৰাকী গৃহহীন বৃদ্ধা। তেনে সময়তে আহিল দোকান খনৰ দোকানী।

দোকানী জনে দোকানৰ সমুখত বৃদ্ধা গৰাকীক দেখি বৃদ্ধা গৰাকীৰ গাত এটা বটলেৰে পানী ঢালি দিয়ে। পানী ঢলাৰ পিছতেই বৃদ্ধা গৰাকীয়ে উঠি দোকানী জনৰ ভৰি চুই ক্ষমা বিচাৰে।

তেনে সময়তে সেই স্থানত উপস্থিত হয়হি এজন ভাৰতীয় সেনাৰ জোৱান। জোৱান জনে সেই দৃশ্য প্ৰত্যক্ষ কৰি ক্ৰোধান্বিত হৈ পৰে। তেওঁ লগে লগে দোকানী জনক গতিয়াই গালি দিয়ে আৰু বৃদ্ধা গৰাকীক ধৰি উঠাই দিয়ে।

বৃদ্ধা গৰাকীক সকলো সামগ্ৰীও হাতত তুলি দিয়ে তেওঁ। তাৰ বিপৰীতে দোকানী জনক তেওঁ গালি দি মানৱতাৰ পাঠ শিকাই।

ইয়াৰোপৰি তেওঁ বৃদ্ধা গৰাকীক খাবলৈ আৰু চলিবলৈ হাতত কেইটকামান গুজি দিয়ে।

এই দৃশ্য এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰী সকলে তেওঁক প্ৰশংসাৰে ওপচাই জনাইছে চেল্যুট।

কিন্তু প্ৰকৃততে এই সমগ্ৰ ঘটনা আকস্মিক নহয়, মানুহক সজাগ কৰাৰ উদ্দেশ্যেৰেই এই সম্পূৰ্ণ ঘটনাক নাট্যৰূপ দিয়া হৈছে।

Leave a Comment