শােকাৱহ! চলন্ত অটোৰিক্সাৰ ওপৰত কন্টেইনাৰ বাগৰি পৰি ৪ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। ৩৫ টনতকৈও অধিক ওজনৰ কন্টেইনাৰ এখন অটোৰিক্সাৰ ওপৰত বাগৰি পৰাৰ ফলত মৃত্যুক সাৱটিবলগীয়া হয় এটি এটি কিশোৰসহ ৪ জনকৈ লোকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেন্দ্ৰীয় দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ সমীপত।

FG4-KY6m-VUAYqhsy

জানিব পৰা মতে, আই জি ষ্টেডিয়ামৰ ১৬ নং গেটৰ কাষৰ ফ্লাইঅভাৰত এখন ট্ৰাকৰ পৰা প্ৰায় ৩৫ টন ওজনৰ কন্টেইনাৰটো এখন অটোৰিক্সাৰ ওপৰত বাগৰি পৰে।

5

যাৰ ফলত অটোৰিক্সাখনেৰে যাত্ৰা কৰি থকা সুৰেন্দ্ৰ যাদৱ (৪০), তেওঁৰ ভতিজা জয় যাদৱ (৩২), উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ বাসিন্দা আৰু কোমল সিং (৩৫) আৰু টাটা প্ৰকাশ (১৩)ৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

FG4-Ka-Zj-Vc-AAxf-P

জানিব পৰা মতে, মৃত কোমল সিং আৰু তেওঁৰ ভতিজা টাটা প্ৰকাশ প্ৰথমবাৰলৈ দিল্লীলৈ আহিছিল। তেওঁলোকে ছাৰাই কালে খান বাছ টাৰ্মিনাসৰ ওচৰত এখন বাছৰ পৰা নামিছিল আৰু চিলামপুৰলৈ যাবলৈ অটোৰিক্সা ভাড়া লৈছিল।

FG4-KYu2-VIAAUd3q

ইফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক প্ৰতিশ চৌধুৰী আৰু তেওঁৰ সহায়ক নীতিশক গ্ৰেপ্তাৰ কৰিছে। চালকজনে দুৰ্ঘটনা সন্দৰ্ভত কয় যে ফ্লাইঅভাৰৰ সন্মুখৰ ৰাস্তা বেঁকা হোৱাৰ বাবে ট্ৰাকখন টাৰ্ন লব লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হয় যদিও দুৰ্ঘটনাৰ পিছত সংঘটিত অগ্নিকাণ্ডৰ বাবে মৃতদেহ উদ্ধাৰ কৰোঁতে দুঘণ্টাৰো অধিক সময়ৰ প্ৰয়োজন হয়।

লগতে চাওকঃ

শোকাবহ! পথ দুৰ্ঘটনাত দুগৰাকী জুনিয়ৰ আৰ্টিষ্টৰ মৃত্যু, দ্বি-খণ্ডিত হ’ল বিলাসী বাহন

আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ

Leave a Comment