জৱাহৰ নবোদয় বিদ্যালয়ত ক’ভিডৰ আতংকঃ শিক্ষক-ছাত্ৰসহ ১৫জন ক’ভিড পজিটিভ…

ৰাজ্যত পুনৰ আৰম্ভ হৈছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ।

পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ জৱাহৰ নবোদয় বিদ্যালয়ত ক’ভিডৰ আতংক।

বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ সহ মুঠ ১৫ জন ক’ভিডত আক্ৰান্ত হৈছে।

ক’ভিডত আক্ৰান্ত সকলৰ ভিতৰত ৮ জন শিক্ষক-কৰ্মচাৰী আৰু ৭ জন ছাত্ৰ বুলি জানিব পৰা গৈছে।

১২ জনক ইতিমধ্যে তুমপ্ৰেং স্থিত ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হৈছে।

৩ জনক হ’ম কোৱেৰেন্টাইনত ৰখা হৈছে।

বৰ্তমানেও জিলা প্ৰশাসনে ঘোষণা কৰা নাই কন্টেইনমেন্ট জ’ন।

Leave a Comment