শশী থাৰুৰলৈ সকাহ আদালতৰ, সুনন্দা পুষ্কৰ মৃত্যুৰ গোচৰত নিৰ্দোষী ঘোষণা

নিউজ ডেস্ক। কংগ্ৰেছ নেতা শশী থাৰুৰলৈ সকাহ আদালতৰ। দিল্লীৰ এখন আদালতে সুনন্দা পুষ্কৰ মৃত্যুৰ সন্দৰ্ভত থাৰুৰক নিৰ্দোষী হিচাপে সাব্যস্ত কৰে।

দিল্লী আৰক্ষীৰ মতে, সুনন্দাৰ স্বামী শশী থাৰুৰ গোচৰটোৰ মুখ্য অভিযুক্ত। থাৰুৰ এতিয়াও গোচৰটোত জামিনত আছিল।

তেওঁক দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ ক আৰু ৩০৬ ধাৰাৰ অধীনত অভিযোগ পত্ৰ দাখিল কৰিছিল।

এই ৰায়ৰ বাবে আদালতক ধন্যবাদ জনাই থাৰুৰে কয় যে এই চাৰে ৭ বছৰ দিন তেওঁৰ বাবে অত্যাচাৰৰ দৰে হৈ আহিছে।

দিল্লীৰ এখন বিশেষ আদালতত থাৰুৰৰ বিৰুদ্ধে থকা অভিযোগৰ শুনানি যোৱা মাহত পঞ্চমবাৰৰ বাবে পিছুৱাই দিয়া হৈছিল। থাৰুৰৰ হৈ ওকালতি কৰা জ্যেষ্ঠ অধিবক্তা বিকাশ পাহৱাই তেওঁৰ মক্কেলক গোচৰটোত নিৰ্দোষী সাব্যস্ত কৰিবলৈ দাবী জনায়।

তেওঁ কয় যে অভিযুক্তপক্ষই তেওঁৰ মক্কেলৰ ওপৰত মানসিক বা শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা নাই। পাহৱাই এইটোও যুক্তি দিছিল যে আৰক্ষীৰ তদন্ত চাৰি বছৰ অতিক্ৰম কৰাৰ পিছতো সুনন্দা পুষ্কৰৰ মৃত্যুৰ কাৰণ জানিব পৰা নগ’ল।

উল্লেখ্য যে সুনন্দাক ২০১৪ চনৰ ১৭ জানুৱাৰী তাৰিখে দিল্লীৰ এখন বিলাসী হোটেলৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল। আৰম্ভণিতে দিল্লী আৰক্ষীয়ে হত্যাৰ তদন্ত কৰিছিল আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ ৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰিছিল। কিন্তু তাৰ পিছত থাৰুৰক ধাৰা ৩০৬ (আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা) আৰু ৪৯৮ ক (স্বামীৰ দ্বাৰা নিষ্ঠুৰতা)ৰ অধীনত অভিযুক্ত কৰিছিল।

বিশেষ চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে যুক্তি দিছিল যে সুনন্দাৰ মৃত্যুৰ আগতে তেওঁৰ শৰীৰত আঘাত পাইছিল আৰু তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতো সেইয়া পোৱা গৈছিল। তেওঁৰ কোঠাত ২৭ টা এলপ্ৰাক্স টেবলেটো পোৱা গৈছিল।

অৱশ্যে তেওঁ কিমান টেবলেট পানী গুলী লৈছিল সেয়া স্পষ্ট নহয়।

Leave a Comment