fbpx
অসমীয়াঅসম

লোভত মৰে বৰশীৰ মাছ! এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল আৰু তেওঁৰ ব্যক্তিগত ড্ৰাইভাৰ…

নিউজ ডেস্কঃ খক কৰি পুনৰ জালত ফচিল চৰকাৰী কৰ্মচাৰী।

আকৌ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল।

লগতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলৰ ব্যক্তিগত বাহন চালকো।

সোণাপুৰ ৰাজ চক্ৰ বিষষাৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল ৰাজেশ ৰয় আৰু তেওঁৰ ব্যক্তিগত বাহন চালক ৰণ্টু কলিতাক।

ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত অভিযোগকাৰীৰ পৰা ১৮ হাজাৰ টকাৰ উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ লাট মণ্ডল ৰাজেশ ৰয়।

আনহাতে অভিযোগকাৰীৰ পৰা লাট মণ্ডলৰ হৈ ১৪ হাজাৰ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ বাহন চালক ৰণ্টু কলিতা।

Related Articles

Back to top button