
নিউজ ডেস্কঃ এখন বিশেষ বিবাহ সম্পন্ন হ’ল ভাৰতত। এই বিবাহখন বিশেষ হোৱাৰ কাৰণ- দৰা-কইনা দুয়োগৰাকী দুখন বৈৰী ৰাষ্ট্ৰৰ নাগৰিক।
হিমাচল প্ৰদেশৰ ধৰমশালাত হিন্দু ৰীতি-নীতিৰে দুয়োখন শত্ৰু ৰাষ্ট্ৰৰ প্ৰেমিক-প্ৰেমিকাহালে সম্পন্ন কৰে বিবাহখন। এই বিশেষ বিয়াখনে এতিয়া লাভ কৰিছে চৰ্চা।
দৰাচলতে ৰাছিয়াৰ নাগৰিক ছাৰ্গেই নভিকোভে ২ আগষ্টত হিমাচল প্ৰদেশৰ ধৰমশালাৰ সমীপত অৱস্থিত দিব্য আশ্ৰম খাৰোটা নামৰ মন্দিৰত বিবাহ সম্পন্ন কৰে ইউক্ৰেইনৰ প্ৰেয়সী এলোৱা ব্ৰামোকাৰ সৈতে।

জানিব পৰা মতে, ছাৰ্গেই নভিকোভে ৰাছিয়াৰ নাগৰিক হ’লে বিগত কেইবা বছৰ ধৰি তেওঁ বাস কৰি আহিছিল ইজৰাইলত। আনহাতে প্ৰেয়সীৰ এলোনাৰ সৈতে যোৱা এটা বছৰে তেওঁ হিমাচল প্ৰদেশৰ ধৰমশালাত বাস কৰি আছিল।
যাৰ বাবে দুবছৰীয়া প্ৰেমৰ অন্ত পেলাই সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে মন্দিৰত দুয়ো প্ৰেমিক-প্ৰেমিকাই ২ আগষ্টত সম্পন্ন কৰে তেওঁলোকৰ বিয়াখন।

এই বিয়াখনত কন্যাদান কৰে হিমাচল প্ৰদেশৰ স্থানীয় বিনোদ শৰ্মাই। বিয়াখনত স্থানীয় লোকৰ লগতে কেইবাগৰাকীও বিদেশী পৰ্যটকো উপস্থিত থাকে।

পৰম্পৰাগত হিন্দু বিবাহ সাজ-পোছাক পৰিধান কৰা দম্পতী হালৰ বিবাহ অনুষ্ঠানৰ আলোকচিত্র ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
উল্লেখ্য যে, বিগত কিছুমাহ ধৰি যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত। ইতিমধ্যে ৰাছিয়াৰ সেনা বাহিনীৰ আক্ৰমণত নিহত হৈছে ইউক্ৰেইনৰ বহু সাধাৰণ নাগৰিক। সমান্তৰালভাৱে ইউক্ৰেনী সেনাৰ আক্ৰমণতো প্ৰাণ হেৰুৱাছে ৰাছিয়ান সেনাই।
Russian boy marries Ukrainian girlfriend in Dharamshala, Himachal Pradesh
— Being Himachali (@BeingHimachali) August 4, 2022
Sergei Novikov, originally from Russia but settled in Israel, married Ukrainian girlfriend Elona Bramoka following traditional Hindu rituals. pic.twitter.com/nTlDbL7Npf
দুয়োখন দেশৰ মাজত অব্যাহত থকা এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে শান্তিৰ বাৰ্তা কঢ়িয়াই ভাৰত ভূমিত একলগ হয় দুয়োখন দেশৰ দুজন নাগৰিক। স্বাভাৱিকতে এই ঘটনাই এক আশাৰ বাৰ্তা কঢ়িয়াইছে বিশ্বৰ শান্তিপ্ৰিয় লোকসকলৰ মাজত।