কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি!- মুখ্যমন্ত্ৰী…

প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে আজিৰ দিনটো পালন কৰা হৈছে লোক কল্যাণ দিৱস হিচাপে।

সেই উপলক্ষে দিছপুৰ খেলপথাৰত আয়োজন কৰা এক অনুষ্ঠানত ভাগ লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাই।

অনুষ্ঠানত চৰকাৰে আগবঢ়াইছে লোক সেৱা বঁটা। সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে ১০ জন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰা হৈছে এই বঁটাৰে। এই বঁটা লাভ কৰা লোক সকলৰ চাকৰীৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰা হ’ব।

image 49
কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি!- মুখ্যমন্ত্ৰী... 2

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ সকলো কাম পেপাৰবিহীন কৰাৰ কথা উল্লেখ কৰি কয় যে, ২ অক্টোবৰৰ পৰা অসম সচিবলয়ৰ সকলো কাম ডিজিটেল হ’ব।

২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল নলয়। কোনোবাই যদি কিবা কামত অসম সচিবালয়লৈ আহে তেলেহলে সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো নিষ্পত্তি হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে সচিবলয়ত কাম কৰা যি সকলক কৰ্মচাৰীয়ে কম্পিউটাৰ নাজানে তেওঁ লোকক কম্পিউটাৰ শিকি লবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

তেওঁ কয়- কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব। তেওঁলোকক আমাৰ মাজত নাই বুলি আমি ধৰি লম। সচিবালয়ত কাম কৰিলে ডিজিটেলৰ কাম কৰিব জানিবই লাগিব। ২ অক্টোবৰৰ পৰা সকলো কৰ্মচাৰীয়ে ভাবি লওক আমি নতুন জীৱন আৰম্ভ কৰিম।

তেওঁ কয়- কম্পিউটাৰ শিকিব নোখোজাসকলে নিৰ্দিষ্ট সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰক। কম্পিউটাৰ নিশিকো বুলিলে ঘৰতে বহিলেও দৰমহা পাব। অফিচলৈ আহিলে কম্পিউটাৰ চলাব জানিবই লাগিব।