ৰেগিঙৰ বলি হৈ ল’লে নেকি ভুল সিদ্ধান্ত! ১০ দিনে সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ উজ্জ্বল…

এক চাঞ্চল্যকৰ ঘটনা।

১০ দিনে সন্ধানহীন এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ।

১০ দিন ধৰি সন্ধানহীন গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ এজন ছাত্ৰ উজ্জ্বল দাস।

জানিব পৰা মতে, বিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্ৰই উজ্জ্বলৰ জন্ম দিনৰ দিনাই শৌচালয়ৰ পানী সেৱন কৰিবলৈ বাধ্য কৰাইছিল। তাৰ পিছৰে পৰাই ছাত্ৰজন সন্ধানহীন হৈ থকা অভিযোগ তুলিছে পৰিয়ালৰ লোকে।।

১০ দিনে পুত্ৰৰ কোনো শুংসূত্ৰ নাপায় এতিয়া হাহাকাৰ লাগিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰত।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গোলাঘাট সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

কোনো ধৰণৰ সন্ধান লাভ নকৰা ছাত্ৰজনৰ মাতৃৰ লগতে গোলাঘাট জিলা অনুসূচীত জাতি যুৱ পৰিষদে জিলা উপায়ুক্তক ঘটনা সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰে বুলি জানিব পৰা গৈছে।