মৰ্মান্তিক! হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে

নিউজ ডেস্ক। এক অতি মৰ্মান্তিক পথ দুৰ্ঘটনা।
হুঁচৰি গাবলৈ যোৱা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটিলে ৫ গৰাকী যুৱক-যুৱতীয়ে।
গহপুৰৰ টকৌবাৰী ৰঙাজানত নিশা সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন বলেৰ’ পিকআপ গাড়ীৰে হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০জনীয়া এটা দল৷
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 25 DC 7418 ।

দুৰ্ঘটনাৰ ফলত মৃত্যু ঘটিছে তিনিগৰাকী যুৱতীসহ দুজন যুৱকৰ৷
কৰুণ মৃত্যুক সাৱটি লোৱা যুৱতী কেইগৰাকীৰ হৈছে ৰাধিকা দৈমাৰী ,বুদ্ধিমতি বড়ো আৰু বৰ্ণালী বড়ো৷

আনহাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱা দুই ক্ৰমে, সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী৷
The victims were on their way home from a Bihu function. Five injured have been shifted to Gohpur Civil Hospital & Catholic Hospital at Borgang.
— Himanta Biswa Sarma (@himantabiswa) April 17, 2022
Have asked the administration to monitor the situation and provide the injured all necessary help. I pray for their speedy recovery.
ঘটনাত গুৰুতৰ ভাবে আহত হৈছে বিহুদলটোৰ আন পাঁচগৰাকী সদস্য।

আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত বুলি জানিব পৰা গৈছে।

ইপিনে, স্থানীয় লােকে অভিযােগ কৰা অনুসৰি, চালকে অত্যধিক সুৰাপান কৰাৰ লগতে তীব্ৰ বেগত বাহনখন চলােৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছতে পলাতক অৱস্থাত আছে বাহনখনৰ চালকজন।
লগতে চাওকঃ
