মৰ্মান্তিক! পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬ মহীয়া শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ

নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল একেটা পৰিয়ালৰ ৫ জন সদস্যৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাত।

দেওবাৰে কৃষ্ণা জিলাৰ বিজয়ৱাড়া-হায়দৰাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰৱৰাম গাঁৱৰ ওচৰৰ নাগাৰ্জুন সাগৰ বাওঁ পাৰখালৰ ওপৰত এখন দলঙত সংঘটিত দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ এটি ৬ মহীয়া শিশুসহ ৫ জন সদস্যৰ মৃত্যু ঘটে।

G7 7
মৰ্মান্তিক! পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬ মহীয়া শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ 3

আৰক্ষীয়ে জনোৱা অনুসৰি, পৰিয়ালটোৱে এখন চাৰিচকীয়া বাহনেৰে পশ্চিম গোদাৱৰী জিলাৰ জাংগাৰেড্ডীগুডেমলৈ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈ থকাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনা।

বাহন চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত তেওঁলোকৰ বাহনখনে পথৰ দাঁতিৰ কালভাৰ্টত খুন্দা মৰাত বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

এই দুৰ্ঘটনাত দুগৰাকী মহিলা আৰু দুজন পুৰুষৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আহত এটি ছয়মহীয়া শিশুক জগ্গায়াপেটৰ চৰকাৰী পৰিচালিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে পৰৱৰ্তী সময়ত মৃত ঘোষণা কৰে। পৰিয়ালটোৰ আন এজন সদস্য গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে দুৰ্ঘটনাত পতিত পৰিয়ালটো হায়দৰাবাদৰ চান্দানগৰৰ বাসিন্দা বুলি নিশ্চিত কৰিছে।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰিছে। অৱশ্যে মৃতদেহ কেইটা এতিয়াও চিনাক্ত কৰা হোৱা নাই। দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

ৰানৱেৰ পৰি পিছলি পৰিল যাত্ৰাবাহী বিমান! নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা ৫৫ গৰাকী যাত্ৰীৰ

G3 16
মৰ্মান্তিক! পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬ মহীয়া শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ 4

Leave a Comment