অসম

বিজেপি চৰকাৰৰ দিনত ৰাজ্যত এজনো ভিক্ষাৰী নোহোৱা হ’লঃ কেশৱ মহন্ত…

বিজেপি চৰকাৰৰ দিনত ৰাজ্যত এজনো ভিক্ষাৰী নোহোৱা হ’ল।

আগতে ভিক্ষাৰী গাঁৱত ভিক্ষা খুজি ঘূৰি ফুৰিছিল, কিন্তু এইখন চৰকাৰৰ দিনত ভিক্ষা খুজি গাঁৱলৈ অহা ভিক্ষাৰী মই দেখা নাই। এইটো আমাৰ ৰাজ্যখনৰ কাৰণে ডাঙৰ কথা।

কলিয়াবৰত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।

শনিবাৰে কলিয়াবৰৰ মিছা মিলন সংঘত অনুষ্ঠিত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি শুভাৰম্ভ অনুষ্ঠানত এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

তেওঁ কয়- এইখন চৰকাৰে ৰাইজক বিনামূলীয়া চাউল যোগান ধৰিছে। গতিকে ৰাস্তাই-পদূলিয়ে ক’তো ভিক্ষাৰী নাই। এইটো এটা ডাঙৰ পৰিৱৰ্তন।

Leave a Reply

Your email address will not be published. Required fields are marked *