অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পথৰ দাঁতিত কাম কৰি থকাৰ সময়তে দ্ৰুতবেগী ল’ৰীয়ে নিলে মহটিয়াই, ৪ শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ মেৰামতিত ব্যস্ত থকা সময়তে তীব্ৰবেগী ল’ৰীয়ে মহটিয়াই নিয়াৰ ফলত মৃত্যুক সাৱটি ল’লে ৪ জনকৈ শ্ৰমিকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰৰ গুডলুৰু মণ্ডলৰ মোচাৰলাত ৰাষ্ট্ৰীয় ঘাইপথত।

জানিব পৰা মতে, কেইবাজনো শ্ৰমিক মঙলবাৰে পথ মেৰামতিৰ কামত ব্যস্ত হৈ আছিল।

সেই সময়তে এখন দ্ৰুতবেগী ল’ৰীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ৬ জন শ্ৰমিকক মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত ৩জন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত আন ৩ জনক হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় আন এজনে।

আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ল’ৰীখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে।

Related Articles

Back to top button