fbpx
অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পিছফালৰ পৰা ট্ৰাকত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ, খুৰাক-ভতিজাকৰ অকাল মৃত্যু…

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰি অকাল মৃত্যুক সাৱটি ল’লে খুৰাক-ভতিজাকে।

এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কলহাপুৰ জিলাৰ আদামাপুৰত।

দুৰ্ঘটনাত শিশুসহ দুজনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৫ জন গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, পুনেৰ শ্বিৰুৰ তালুকৰ বদগাঁও ৰছাইৰ নিৱাসী এটা পৰিয়ালে চাৰিচকীয়া বাহেনে বালুমামাৰ পৰা ঘৰলৈ উভতি অহাৰ পছতে পুনে-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰগাঁও খণ্ডলাত এই দুৰ্ঘটনা সংঘটিত হয়।

তীব্ৰবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গৈ থকা এখন ট্ৰাকত পিছফালৰ পৰা খুন্দা মৰাত থিতাতে মৃত্যু ঘটে কাঞ্চন চন্দ্ৰকান্ত বানাশিৱে (৩০) আৰু তেওঁৰ ১০ বছৰীয়া ভতিজাক বীৰেন্দ্ৰ চন্দ্ৰকান্ত বানশিৱেৰ।

ইফালে এই দুৰ্ঘটনাত গাড়ী চালক ভীমাজী চৌধুৰী (২২), অনিল মুক্তৰাম কুলথে (৫৫), অঞ্চলি অনিল কুলথে (৫০), আৰাথ্যা অনিল কুলথে (৭), আৰু স্নেহাল পাণ্ডুৰাং কুলথে (৪২) গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!