শোকাবহ! গাড়ী চলাই থকাৰ সময়তে টোপনি গ’ল চালক, পথৰ দাঁতিৰ গছত খুন্দা মাৰি নিহত ৩ জন…

নিউজ ডেস্কঃ গাড়ী চলাই থাকোতেই চালক টোপনি যোৱাৰ ফলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিল ৩ জনকৈ লোকৰ।

বৃহস্পতিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘাটামপুৰ চহৰৰ ঘাটামপুৰ জেহানাবাদ পথৰ পৰশ গাঁৱত।

জানিব পৰা মতে, কানপুৰৰ পৰা ফতেহপুৰ অভিমুখে গৈ থকা এখন পিকআপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এজোপা গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

এই দুৰ্ঘটনাত তিনিজন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে মহিলা আৰু শিশুসহ আহত হয় আন ৪ জন লোক।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত নিহত সকলক জালাউনৰ নিৱাসী গুড্ডু (৫০) আৰু আৰিফ (২৮) আৰু কানপুৰ ডেহাট জিলাৰ ৰমজান (২৪) বুলি চিনাক্ত কৰা হৈছে।