
নিউজ ডেস্কঃ এখন চাৰিচকীয়া বিলাসী বাহনৰ ওপৰত এখন বালি ভৰ্তি ডাম্পাৰ বাগৰি পৰাত কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল শিশুসহ ৫ জন লোকে। মঙলবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰায়েবৰেলীত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰায়বেৰেলীৰ ভাদোখৰ আৰক্ষী থানাৰ অন্তৰ্গত কুছাৰীয়া গাঁৱৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

৬ জন লোকে যাত্ৰা কৰি থকা এখন চাৰিচকীয়া বিলাসী বাহনৰ ওপৰত বালিভৰ্তি ট্ৰাকখন বাগৰি পৰাত ৫ জনৰে মৃত্যু ঘটে। আনহাতে আন এজন লোক গুৰুতৰভাৱে আহত হয় দুৰ্ঘটনাটোত।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহত লোকজনক চিকিত্সালয়লৈ প্ৰেৰণ কৰিছে।
প্ৰাপ্ত তথ্য মতে, ৰাকেশ আগৰৱালা (৪৫) নামৰ লোকজনে পত্নী সোণম আগৰৱালা (৩৫), পুত্ৰ আদিত্য (১১), ৰুচিকা (৩৫) নামৰ আন এগৰাকী মহিলা আৰু তেওঁৰ দুই সন্তানৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ অঞ্চলটোৰে এখন ধাবালৈ আহিছিল।

ধাবাত আহাৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে নিজৰ ইকো স্প’ৰ্টছ বিলাসী বাহনখনেৰে ঘৰলৈ উভতি আহি থকাৰ সময়তে মুঞ্চীগঞ্জৰ সমীপত বালি ভৰ্তি ডাম্পাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ গাড়ীৰ ওপৰত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ ফলতে বাহনখনত থকা শিশুসহ পাঁচ জনৰ মৃত্যু ঘটে। ইতিমধ্যে উক্ত স্থানত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্থ বাহন তথা ডাম্পাৰ খন নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।