নিউজ ডেস্কঃ পয়গম্বৰ হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ নিলম্বিত মুখপাত্ৰ নুপুৰ শৰ্মাক হত্যা কৰিবলৈ সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা এজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে সীমান্ত সুৰক্ষাল বাহিনীয়ে।ৰাজস্থানৰ শ্ৰীগংগা নগৰ জিলাত যোৱা শনিবাৰেই গ্ৰেপ্তাৰ কৰা হয় পাকিস্তানী নাগৰিকজনক।
বিএছএফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, শনিবাৰে নিশা প্ৰায় ১১ বজাত হিন্দুমলকোট সীমান্ত চকীৰ সমীপত টহলদাৰী দলে এজন লোকক সন্দেহজনক অৱস্থাত প্ৰত্যক্ষ কৰে. ইয়াৰ পিছতে নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।

নিৰাপত্তাৰক্ষীৰ জেৰাত লোকজনে নিজকে ৰিজৱান আশ্ৰফ বুলি পৰিচয় দিয়ে। পাকিস্তানৰ উত্তৰ পঞ্জাৱৰ নিৱাসী লোকজনে ভাৰতত নুপুৰ শৰ্মাক হত্যা কৰিবলৈ অহা বুলিও স্বীকাৰ কৰে। ব্যক্তিজনৰ পৰা এখন ১১ ইঞ্চি দীঘল দা, ধৰ্মীয় গ্ৰন্থ, খাদ্য আৰু কিছু অন্য নথি পত্ৰ উদ্ধাৰ কৰিছে বিএছএফে।
পাকিস্তানী নাগৰিকজনে স্বীকাৰ কৰা মতে, হজৰত মহম্মদক লৈ আপত্তিজনক মন্তব্য কৰা নুপুৰ শৰ্মাক হত্যা কৰিবলৈও তেওঁ গোপনে ভাৰতত প্ৰৱেশ কৰিছিল। কিন্তু নুপুৰ শৰ্মাক হত্যা কৰাৰ পূৰ্বে আজমেৰ দৰগাহ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰা বুলিও লোকজনে স্বীকাৰ কৰে।
ইফালে ধৃত পাকিস্তানী নাগৰিকজনক দণ্ডাধীশৰ আগত হাজিৰ কৰাৰ পিছত আদালতে ৮ দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীৰ জিম্মাত অধিক তদন্তৰ বাবে লোকজনক জেৰা অব্যাহত ৰখা হৈছে।
উল্লেখযোগ্য যে, নিলম্বিত বিজেপিৰ মুখপাত্ৰ নুপুৰ শৰ্মাই হজৰত মহম্মদক লৈ কৰা মন্তব্যই সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা কৰিছিল। আনহাতে ভাৰতৰ বাহিৰৰ মুছলমান ৰাষ্ট্ৰসমূহতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল নুপুৰ শৰ্মাৰ মন্তব্যই।









