অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! একেদিনাই অগা পিচাকৈ জ্বলিল পিতৃ-কন্যাৰ চিতা, শোকস্তব্ধ অঞ্চলবাসী

নিউজ ডেস্কঃ যেতিয়া মানুহৰ কপালত দুখ লিখা থাকে, চাৰিওফালৰ পৰাই দুখ কুলাই পাচিয়ে নধৰা হয়। ৰাজস্থানৰ চিকৰ জিলাৰ এটা পৰিয়ালত সংঘটিত এটা মৰ্মান্তিক ঘটনাই মুহূৰ্ততে থানবান কৰি থৈ গ’ল সপোনৰ ঘৰখন। এজন লোকৰ মৃতদেহ সৎকাৰৰ পিছতে তেওঁৰ কন্যাৰ মৃতদেহো সৎকাৰ কৰিবলগীয়া হোৱা এই কৰুণ ঘটনাটোৱে চকু সেমেকাই তুলিছে সমগ্ৰ অঞ্চলবাসীৰ।

টোলগেটৰ কৰ্মচাৰী আৰু এজন ট্ৰাক চালকৰ মাজত হোৱা কাজিয়াৰ বাবেই মঙলবাৰে পুৱা প্ৰায় ৮ বজাত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছিল। ট্ৰাকৰ চালকজনে ডুজোদ টোলগেটত টকা পৰিশোধ নকৰাৰ বাবে টোল কৰ্মী আৰু ট্ৰাকৰ চালকজনৰ মাজত তৰ্ক হৈছিল। পিছত, তেওঁ টোলগেটত কৰ পৰিশোধ নকৰাকৈয়ে ট্ৰাকখন দ্ৰুতবেগেৰে আতৰি যাওঁতে সন্মুখৰ পৰা আহি থকা এখন বাইকত খুন্দা মাৰে।

sikar accident

এই দুৰ্ঘটনাটোত বাইক আৰোহী কাশীৰ বাছ গাঁৱৰ হৰফুল বালাই সিং (৩৯) আৰু তেওঁৰ জীয়ৰী পূজা (১৮) দুয়োজন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাটোৰ পিছত, তেওঁলোক দুয়োকে প্ৰথমে কল্যাণ চিকিৎসালয়লৈ অনা হৈছিল যদিও তেওঁলোকক পিছত জয়পুৰলৈ প্ৰেৰণ কৰা হৈছিল।

অৱশ্যে হৰফুল সিঙৰ বাটতে মৃত্যু ঘটাত পৰিয়ালৰ সদস্যসকলে মৃতদেহটো কল্যাণ চিকিৎসালয়লৈ ঘূৰাই আনে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহটো পৰিয়াল আৰু গাওঁবাসীয়ে মঙলবাৰে আবেলি শেষকৃত্য সম্পন্ন কৰে।

ইফালে পিতৃৰ শেষকৃত্য সম্পন্ন হোৱাৰ ক্ষন্তেক পিছতে হাস্পতালত মৃত্যু ঘটে কন্যা পূজাৰো। যাৰ ফলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত। একেলগে পৰিয়ালৰ দুজনকৈ সদস্যক হেৰুৱাই ভাগি পৰে হৰফুল সিঙৰ পৰিয়ালো।

উল্লেখ্য যে, পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৰফুল সিঙে শ্ৰমিক হিচাপে কাম কৰি তেওঁৰ ৪ সন্তানক উচ্চ শিক্ষিত কৰাৰ সপোন দেখিছিল। কিন্তু ট্ৰাক চালকৰ অৱহেলাৰ বাবেই এনেদৰে পথ দুৰ্ঘটনাত তেওঁৰ মৃত্যু ঘটাত এতিয়া দিকহাৰা হৈ পৰিছে পৰিয়ালটো।

Related Articles

Back to top button