অসমৰ পৰা নিৰুদ্দিষ্ট ব্যক্তিক জম্মু-কাশ্মীৰৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ, প্ৰকৃত ঠিকনা বিচাৰি হাহাকাৰ…

নিউজ ডেস্ক। ৩ বছৰে সন্ধানহীন অসমৰ এগৰাকী বৃদ্ধক জম্মু-কাশ্মীৰৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ।

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ মেন্ধাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় ৫০ উৰ্দ্ধৰ অসমৰ ঠিকনাবিহীন ব্যক্তিগৰাকীক।

কোকৰাঝাৰ আৰক্ষীয়ে জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি কোকৰাঝাৰলৈ আনে ব্যক্তিগৰাকীক।

G2
অসমৰ পৰা নিৰুদ্দিষ্ট ব্যক্তিক জম্মু-কাশ্মীৰৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ, প্ৰকৃত ঠিকনা বিচাৰি হাহাকাৰ... 2

এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বেই কয় যে, জয়দেৱ ব্ৰহ্ম বুলি কোনোমতে চিনাকি দিয়া ব্যক্তিগৰাকী বিগত তিনি বছৰ ধৰি জম্মু কাশ্মীৰৰ পুঞ্চৰ মেন্ধাৰ মহকুমা চহৰত আছিল।

কিন্তু নিজৰ ঠিকনা, পৰিচয় দিবলৈ অপাৰগ মানসিকভাৱে কিছু অসুস্থ ব্যক্তিগৰাকীক লৈ কোকৰাঝাৰ আৰক্ষী সম্প্ৰতি কিছু বিমোৰত পৰিছে।

কিয়নো ব্যক্তিগৰাকীয়ে নিজৰ স্থান চিৰাং জিলাৰ বেংতল, বঙাইগাঁও, বাসুগাঁও, দেউশ্রী, ঢালিগাঁও আদি বুলি কোৱাত প্ৰকৃত ঠিকনা বিচাৰি পোৱাত সমস্যাৰ সন্মুখীন হৈছে আৰক্ষী।

সেয়েহে মানৱতাৰ খাতিৰত কোনো সদাশয় ব্যক্তিয়ে যদি জয়দেৱ ব্ৰহ্মক চিনি পায় অথবা পৰিয়ালৰ কোনো আছে, তেন্তে কোকৰাঝাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আৰক্ষী বিষয়াগৰাকীয়ে আহ্বান জনাইছে।