মাস্ক পৰিধান নকৰাৰ বাবে সেনা জোৱানক গুৰুলাগুৰুল কৈ প্ৰহাৰ আৰক্ষীৰ!

নিউজ ডেস্ক। সাধাৰণতে দেশৰ সেনাক দেখাৰ লগে লগেই সন্মান জনায় সকলোৱে। কিয়নো দেশ মাতৃৰ সুৰক্ষাৰ বাবে দিনে নিশাই অতন্দ্ৰ প্ৰহৰী ৰূপে সেৱা আগবঢ়াই সেনা জোৱানসকলে।

কিন্তু তেনে সময়তে ঝাৰখণ্ডৰ পৰা আহিছে এটা লজ্জাজনক খবৰ তথা ভিডিঅ’। য’ত এজন সেনা জোৱানক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে স্থানীয় আৰক্ষীয়ে।

এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে।

সেনা জোৱানজনক প্ৰহাৰ কৰাৰ ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত হৈ পৰিছে ভাইৰেল।

জোৱানজনে মাস্ক পৰিধান নকৰাৰ বাবেই তেওঁক প্ৰহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। জোৱানজনক পৱন কুমাৰ যাদৱ বুলি জানিব পৰা যায়।

তথ্য অনুসৰি, ভাইৰেল ভিডিঅ’টো চাত্ৰাৰ জিলাৰ ময়ুৰহান্দৰ কৰ্মচৌক অঞ্চলৰ। য’ত পৱন কুমাৰ যাদৱ নামৰ এজন জোৱান তেওঁৰ বাইকত আহি আছিল। সেই সময়ত উক্ত স্থানত খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বত চলি আছিল মাস্ক পৰিধান পৰীক্ষা কৰা অভিযান।

সেই অনুসৰি মাস্ক পৰীক্ষাৰ বাবে ৰখাই দিয়া হৈছিল জোৱানজনকো। অৱশ্যে তেওঁ মাস্ক পিন্ধি অহা নাছিল। সেয়েহে আৰক্ষীয়ে তেওঁক কৰিছিল বিভিন্ন প্ৰশ্ন। যিটো পিছত তৰ্কবাদলৈ পৰিণত হৈছিল। ইয়াৰ পিছতেই আৰক্ষীয়ে তেওঁক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

এজন আৰক্ষীয়ে জোৱানজনৰ বাইকৰ পৰা চাবি উলিয়াই আনে। আৰক্ষীয়ে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ লয়। কিন্তু লক্ষণীয়ভাৱে জোৱানজনৰ ওপৰত হাত দাঙি থকা বহুতো আৰক্ষীয়ে নিজেই মাস্ক পৰিধান কৰি থকা নাছিল।

পৰৱৰ্তী সময়ত স্থানীয় লোকে আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। এই সন্দৰ্ভত স্থানীয় লোকে ময়ুৰহান্দ আৰক্ষী থানাত এক অভিযোগো দাখিল কৰে।

ইয়াৰ পিছতেই চাত্ৰাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জনে ঘটনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ ঘটনাস্থলীত উপস্থিত তিনিজন আৰক্ষী কৰ্মী আৰু আন দুজন বিষয়াক নিলম্বন কৰে। তেওঁ আন বিষয়াক এই ঘটনাৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে।

আৰক্ষী অধীক্ষক ৰাকেশ ৰঞ্জনে কয়, “মই মুখ্য কাৰ্যালয়ৰ উপ আৰক্ষী অধীক্ষকক এই ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছো। যদিও দুয়োটা পক্ষৰ দোষ আছিল, তথাপিও আমি এজন হেড কনিষ্টবল, দুজন কনিষ্টবল আৰু দুজন বিষয়াক নিলম্বন কৰিছো। সেনা জোৱানেই হওক বা সাধাৰণ ব্যক্তিয়েই হওক, যিকোনো কামত আৰক্ষীৰ পৰা এনে আচৰণ কোনেও আশা নকৰে।”

কভিডৰ নিয়ম উলংঘা কৰাৰ বাবে সেনা জোৱানজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হ’ব নে নহয় সেই সন্দৰ্ভত ৰঞ্জনে কয় যে তেওঁ অভিযানটোৰ নেতৃত্ব দি থকা খণ্ড উন্নয়ন বিষয়াৰ পৰা প্ৰতিবেদন বিচাৰিছে।

প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব।

Leave a Comment