
নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱাৰ সময়তে এইবাৰ কলিয়াবৰত আৰক্ষীৰ অভিযানত জব্দ হয় কেইবালক্ষাধিক টকা মূল্যৰ ড্ৰাগছ। এই ড্ৰাগছ সৰবৰাহৰে জড়িত এগৰাকী মহিলাসহ দুজনকো আটক কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানা এলেকাধীন আমগুৰিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চুলুং আৰু জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই এএছ ১২জেড ৮৩২৭ নম্বৰৰ এখন স্কুটীৰ পৰা প্ৰায় ৭০ লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে।

আৰক্ষীয়ে লগতে আলী আকবৰ (২০) নামৰ এজন সৰবৰাহকাৰীৰ লগতে আন এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰে। ধৃত দুই সৰবৰাহকাৰীৰ ঘৰ উলুৱনী আৰক্ষী থানাৰ অন্তৰ্গত তিনি নম্বৰ বৰঘূলীত বুলি জানিব পৰা গৈছে। ধৃত দুয়োজন সম্পৰ্কত মামী-ভাগিন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
আৰক্ষীয়ে সদৰী কৰা মতে, দুই সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি স্কুটীৰ সন্মুখৰ ভাগল লুকুৱাই ডিমাপুৰৰ পৰা কলিয়াবৰলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষায়ে হাতে-লোটে কৰায়ত্ব কৰে।