বন্ধুৰ সৈতে গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা অন্তৰীক্ষৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ কোকাৰাঝাৰৰ চান্দামাৰীৰ গৌৰাং নৈত বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হোৱা অন্তৰীক্ষ শৰ্মাৰ মৃতদেহ উদ্ধাৰ হ’ল! বৃহস্পতিবাৰে পুৱা গৌৰাং নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় অন্তৰীক্ষৰ মৃতদেহ। ইয়াৰ পিছতে শোকৰ বন্যা নামে সমগ্ৰ অঞ্চলটোত।

উল্লেখ্য যে, ৬ জুলাইৰ বিয়লি উৎকট গৰমৰ বাবে ৪ বন্ধুৰ সৈতে গৌৰাং নৈত গা ধুবলৈ গৈছিল বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ অন্তৰীক্ষ শৰ্মাই।

photo1657173978
বন্ধুৰ সৈতে গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা অন্তৰীক্ষৰ মৃতদেহ উদ্ধাৰ 3

১৯ বৰ্ষীয় ছাত্ৰজনে নৈত নামি গা ধুই থকাৰ সময়তে পিছলি দ পানীত বাগৰি পৰে আৰু সন্ধানহীন হয়। তাৰ পিছতে লগৰ বন্ধু কেইজনে এই বিষয়ে মহাবিদ্যালয় কৰ্তৃপক্ষক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ অভিযান আৰম্ভ কৰে।

photo1657173549 1
বন্ধুৰ সৈতে গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা অন্তৰীক্ষৰ মৃতদেহ উদ্ধাৰ 4

কিন্তু নৈৰ বুকুত অনেক বিচৰাৰ পিছতো অন্তৰীক্ষৰ কোনো সম্ভেদ লাভ কৰাত শোকস্তব্ধ হৈ পৰে সমগ্ৰ অঞ্চল। অৱশেষত বৃহস্পতিবাৰে পুৱা নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।

প্ৰণিধানযোগ্য যে, বি. বি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ অন্তৰীক্ষ শৰ্মাৰ প্ৰকৃত ঘৰ গুৱাহাটী মিৰ্জাত। তেওঁ কোকৰাঝাৰৰ চান্দামাৰীত থাকি শিক্ষা গ্ৰহণ কৰি আছিল।