ভয়ংকৰ দুৰ্ঘটনা! নৈৰ কোবাল সোঁতত উটি গ’ল যাত্ৰীবাহী বাহন, ৯ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ

নিউজ ডেস্কঃ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা এখন যাত্ৰীবাহী বাহন উটি গ’ল নৈৰ সোঁতত। দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ৯ জন পৰ্যটকে।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ নৈনিতাল জিলাত। বাতৰি অনুসৰি, জিলাখনৰ ৰামনগৰত এখন যাত্ৰীভৰ্তি এৰটিগা বাহন নিয়ন্ত্ৰণ হেৰুৱাই ঢেলা নৈত বাগৰি পৰে।

image 71
ভয়ংকৰ দুৰ্ঘটনা! নৈৰ কোবাল সোঁতত উটি গ’ল যাত্ৰীবাহী বাহন, ৯ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ 3

দুৰ্ঘটনাৰ ফলত বাহনখনৰ ভিতৰত থকা ৯ গৰাকী যাত্ৰীৰ মৃত্যু ঘটাৰ লগতে এগৰাকী মহিলা যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু স্থানীয় ৰাইজে।

ঢেলা নৈৰ প্ৰচণ্ড সোঁতে উটুৱাই নিয়া বাহনখনৰ পৰা ইতিমধ্যে ৭জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহত কেইজনৰ ভিতৰত ৩ গৰাকী পুৰুষ থকাৰ বিপৰীতে বাকী ৬ গৰাকীয়েই মহিলা পৰ্যটক আছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

image 72
ভয়ংকৰ দুৰ্ঘটনা! নৈৰ কোবাল সোঁতত উটি গ’ল যাত্ৰীবাহী বাহন, ৯ জনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ 4

দুৰ্ঘটনাত নিহত তিনিওজন পুৰুষ পঞ্জাৱৰ পাটিয়ালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আনহাতে নিহত দুগৰাকী মহিলা হৈছে ৰামনগৰৰ নিৱাসী।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীয়ে টুইট কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।