ভয়ংকৰ প্ৰদূষণ! ৰাজধানীত দুদিনৰ লকডাউনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ…

পুনৰ দিল্লীত হ’ব পাৰে লকডাউন।

ৰাজধানী দিল্লীত ভয়ংকৰ প্ৰদূষণৰ বাবে দুদিনৰ বাবে লকডাউনৰ পৰামৰ্শ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ে শনিবাৰে ৰাজধানীত প্ৰদূষণৰ পৰা কিছু হলেও পৰিত্ৰাণ পাবলৈ দুদিনৰ বাবে লকডাউন দিয়াৰ আহ্বান জনাইছে।

সম্প্ৰতি ডাঠ ধোৱা-কুঁৱলীৰ তৰপে আবৰি ধৰিছে ৰাজধানী চহৰ দিল্লী।

কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত ধমক দিয়াৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অতি সোনকালে কোনো পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে।

লগতে দুটা দিনৰ বাবে ৰাজধানী দিল্লী আৰু আন চি আৰ ত যদি সম্ভৱ লকডাউন দি দিয়াৰ বাবে আহ্বান জনাই।

ন্যায়াধীশ এন বি ৰমন্নাই এই বিষয়ে শুনানি জাৰি কৰে। সোমবাৰে পুৱা ১০.৩০ বজাত পুনৰ এই বিষয়ৰ ওপৰত শুনানি হব ন্যায়ালয়ত।

কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰক বৈঠক অনুষ্ঠিত কৰি ইয়াৰ পৰা পৰিত্ৰাণৰ কাম কৰাৰ নিৰ্দেশ প্ৰদান।

Leave a Comment