এক ভয়ংকৰ ঘটনা।
নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে খহি পৰিল এখন ফ্লাই অভাৰৰ এটা অংশ।
শুক্ৰবাৰে পুৱা মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সত সংঘটিত হৈছে এই দুৰ্ঘটনা।
এই দুৰ্ঘটনাৰ ফলত ২১ জন লোক গুৰুত্বৰভাৱে আহত হৈছে।

ইয়াৰে ১৪ জন আহতক ছাণ্টা ক্ৰুজৰ ভি এম দেশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
পুৱতি নিশা প্ৰায় ৪ বাজি ৪১ মিনিটত এই দুৰ্ধটনা সংঘটিত হৈছে।
আনহাতে চিকিৎসাধীন কেউজনৰেই অৱস্থা বৰ্তমানে স্থিৰ হোৱা বুলি জানিবলৈ দিছে চিকিৎসালয়ৰ ফালৰ পৰা।
জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত কেইবাজনো লোক ফ্লাইঅভাৰ খনৰ খহি পৰা অংশটোৰ তলতেই কাম কৰি আছিল।
খহি পৰা ফ্লাই অভাৰৰ অংশটোৰ ধ্বংসাৱশেষৰ তলত আৰু কোনো লোক পুত গৈ থকাৰ আশংকা কৰা হৈছে।









