ৰাষ্ট্ৰীয়

ভাৰত বন্ধৰ আহ্বান কেইবাটাও কৃষক সংগঠনৰ…

বিতৰ্কিত তিনি কৃষি আইনৰ বিৰুদ্ধে দেশত অব্যাহত আছে কৃষক সংগঠনৰ প্ৰতিবাদ।

শুকুবাৰে সিন্ধু সীমান্তত কৃষকৰ এই প্ৰতিবাদে ২৭৪ দিন অতিক্ৰম কৰিলে।

ইয়াক লৈ কৃষকসকলে ধৰ্ণা স্থানত এখন সৰ্বভাৰতীয় সন্মিলন অনুষ্ঠিত কৰে।

উক্ত সন্মিলনখনত ২৫ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দেশৰ গাঁও-গাঁওলৈ আন্দোলন সম্প্ৰসাৰিত কৰাৰ বাবে এই প্ৰস্তাৱ গৃহীত কৰা হয়।

সন্মিলনত কৃষক, কৃষি কৰ্মী, ট্ৰেড ইউনিয়ন, মহিলা, শিক্ষাৰ্থী, যুৱ, ব্যৱসায়িক সংস্থাসমূহৰ প্ৰতিনিধিসকলে তিনিখন কৃষি আইন বাতিল কৰিবলৈ পুনৰ এবাৰ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *