অসম

ভাল খবৰ! চলিত বৰ্ষতে গুৱাহাটীত অনুষ্ঠিত হ’ব জুনিয়ৰ বিশ্বকাপ পুৰুষ হকী…

অসমৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ।

চলিত বৰ্ষৰ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব জুনিয়ৰ বিশ্বকাপ পুৰুষ হকী।

গুৱাহাটীত এই কথা সদৰি কৰিছে বিশ্ব হকীৰ মূৰব্বী তথা ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড: নৰেন্দ্ৰ বাট্ৰাই।

শুক্ৰবাৰে এদিনীয়া ভ্ৰমনসূচীৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় হকী ফেডাৰেছন আৰু কমনৱেলথ গেমছৰ সভাপতি ড: নৰেন্দ্ৰ বাট্ৰা।

বাট্ৰাক গুৱাহাটীত সম্বৰ্ধনা জনাই অসম হকী সন্থাৰ সভাপতি তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

সম্বৰ্ধনা অনুষ্ঠানত মহানগৰ আৰক্ষী আযুক্ত তথা অসম চাইক্লিং সন্থাৰ সভাপতি হাৰমীট সিং উপস্থিত থাকে।

গুৱাহাটীত হ’বলগীয়া জুনিয়ৰ বিশ্বকাপ হকীত ঘৰুৱা ভাৰতীয় দলৰ লগতে বিশ্বৰ ২২ খন দেশে অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে হকী ইণ্ডিয়াৰ মূৰব্বী নৰেন্দ্ৰ বাট্ৰাই।

অষ্ট্ৰেলিয়া, আৰ্জেন্টিনা, জাৰ্মানী, স্পেইন, ফ্ৰান্স, নিউজিলেন্ড, দক্ষিণ কোৰিয়া, দক্ষিণ আফ্ৰিকা, জাপান, বেলজিয়াম, ইংলেণ্ড আদি শক্তিশালী দেশসমূহৰ দলে অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *